![]()
বোকাখাত (Bokakhat)ৰ বিশিষ্ট ব্যৱসায়ী, সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱালা (Social activist Mahavir Prasad Agarwala)লৈ পূৰ্বত্তোৰ প্ৰাদেশিক মাৰোৱাৰী যুব মঞ্চই প্ৰদান কৰিছে ‘সমাজ গৌৰব’ (Society pride) সন্মান। আজি ডিব্ৰুগড়ৰ তিৰুপতি মণ্ডপমত অনুষ্ঠিত পূৰ্বত্তোৰ প্ৰাদেশিক মাৰোৱাৰী যুব মঞ্চৰ প্ৰান্তীয় অধিৱেশন ‘জ্যোতি উৎসৱ’ত আগৰৱালালৈ আগবঢ়োৱা হয় এই সন্মান। অসমৰ সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৰিহণাৰ বাবে আগৰৱালালৈ আগবঢ়োৱা হয় এই সন্মান। উল্লেখ্য যে বোকাখাতৰ সমাজ সংস্কৃতিৰ সৈতে সংপৃক্ত মহাবীৰ প্ৰসাদ আগৰৱালা বোকাখাতৰ আগশাৰীৰ অনুষ্ঠান বোকাখাত নাট্য মন্দিৰ, বোকাখাত সত্যনাৰায়ণ সেৱা সদন, বোকাখাত টাউন হাইস্কুল, বোকাখাত চন্দ্ৰনাথ বেজবৰুৱা বিজ্ঞান মহাবিদ্যালয়, বোকাখাত বাৰোৱাৰী পূজা মণ্ডপকে আদি কৰি বোকাখাতৰ বিভিন্ন অঞ্চলৰ নামঘৰ, শিক্ষানুষ্ঠান আদি বহু অনুষ্ঠানৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত। সমাজৰ প্ৰতি সেৱা আগবঢ়োৱা আগৰৱালাই আজীৱন আৰ্তজনৰ প্ৰতি, অসহায় ৰোগীলৈ, বিশেষকৈ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীসকললৈ সহায়ৰ হাত আগবঢ়াই আহিছে।

বিশেষকৈ বিগত কভিডকালীন পৰিস্থিতিত আৰ্তজনৰ প্ৰতি আগৰৱালাৰ সহায় সহযোগিতা বোকাখাতত উদাহৰণ হৈ ৰ’ব। আগৰৱালাৰ প্ৰচেষ্টাতে কেইবাগৰাকীও মেধাসম্পন্ন শিক্ষাৰ্থীয়ে মেডিকেল, ইঞ্জিনিয়াৰিং আদি বিভাগত শিক্ষা সম্পূৰ্ণ কৰিবলৈ সমৰ্থ হৈছে। আগৰৱালাৰ এই সন্মান প্ৰাপ্তিয়ে বোকাখাতলৈ আনন্দৰ বন্যা নমাইছে। আনহাতে অধিৱেশনত বোকাখাতৰ প্ৰভাত নিমোডিয়া মঞ্চৰ মণ্ডলৰ অধ্যক্ষ নিৰ্বাচিত হৈছে। আগৰৱালা আৰু নিমোডিয়ালৈ বোকাখাত নাট্য মন্দিৰ, অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত বাৰোৱাৰী পূজা মণ্ডপ সমিতি, বোকাখাত মহকুমা সাংবাদিক সংস্থা, ৰূপজ্যোতি সংঘ বোকাখাত, কাজিৰঙা নিউজ নেটৱৰ্ক বোকাখাত, বোকাখাত মহকুমা কবি সন্মিলন, বোকাখাত পুৱতি সাহিত্য সভা, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতি, সাৰথি নাট্যগোষ্ঠী বোকাখাত আদি বহু দল সংগঠন, ব্যক্তিয়ে অভিনন্দন জনাইছে।
আজিৰ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধায়কদ্বয় প্ৰশান্ত ফুকন আৰু তেৰশ গোৱালা, বিশিষ্ট সাহিত্যিক নগেন শইকীয়া, অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, মাৰোৱাৰী যুৱ মঞ্চৰ ৰাষ্ট্ৰীয় সভাপতি কপিল লাখতীয়া, প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি অমিত আগৰৱালা, পূৰ্বত্তোৰ প্ৰাদেশিক মঞ্চৰ সভাপতি হিমশিখৰ খান্দেলীয়া, পূৰ্বত্তোৰ প্ৰাদেশিক মঞ্চৰ প্ৰাক্তন সভাপতি মোহিত নাহাতা আদিৰ লগতে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল।













