http://(Finance Minister Nirmala Sitharaman )
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Finance Minister Nirmala Sitharaman )চলিত বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰে। কৰ ৰেহাইৰ ক্ষেত্ৰত বাজেটত গুৰুত্বপূৰ্ণ কথা আছে। কৰ ৰেহাই ঘোষণাৰ পৰা সকাহ পালে কৰ্মচাৰীসকলে।

বাজেটত বৃদ্ধি পাইছে কেইবাটাও সামগ্ৰীৰ দাম। কেইবাটাও সামগ্ৰী সস্তাও হৈছে। বাজেটৰ পিছৰ মূল্যৰ পৰিৱৰ্তন চাওঁ আহক:
ধূমপায়ীসকলৰ বাবে বাজেটত কোনো ভাল খবৰ নাই। চিগাৰেটৰ দাম বৃদ্ধি পাব। এইবাৰৰ বাজেটত চিগাৰেটৰ ওপৰত ১৬ শতাংশ কৰ আৰোপ কৰা হৈছে।
মোবাইল পাৰ্টছৰ ওপৰত প্ৰযোজ্য আমদানি শুল্কৰ পৰা ৰেহাই। ফলত মোবাইলৰ মূল্য হ্ৰাস পাব।
টিভিৰ অংশৰ আমদানি শুল্কৰো ৰেহাই দিছে চৰকাৰে। ফলত টিভিৰ দাম কমি যাব।
পাকঘৰৰ বৈদ্যুতিক চিমনিৰ দাম বৃদ্ধি পাব। বাজেটত চিমনিৰ আবকাৰী শুল্ক বৃদ্ধি কৰিছে চৰকাৰে।
ৰূপৰ দাম বাঢ়িব গৈ আছে। ৰূপৰ আবকাৰী শুল্কৰ পৰিমাণ বাজেটত বৃদ্ধি কৰা হৈছে।
কেমেৰাৰ লেন্সৰ দামো হ্ৰাস পাব। বাজেটত লেন্সৰ শুল্ক হ্ৰাস কৰা হৈছে।
শিশুৰ দেশী খেলনাৰ দাম হ্ৰাস পাব। বাজেটত খেলনাৰ ওপৰত শুল্ক ৰেহাই।
বাজেটৰ পিছত দেশী চাইকেলৰ মূল্যও হ্ৰাস পাব। দেশত নিৰ্মিত চাইকেলৰ ওপৰত কৰ হ্ৰাস কৰা হৈছে।
বিদেশী বৈদ্যুতিক গাড়ীৰ দাম বৃদ্ধি পাব। কিন্তু দেশত নিৰ্মিত ইলেক্ট্ৰিক গাড়ীৰ মূল্য হ্ৰাস পাইছে। বাজেটতো একেই ইংগিত দিছে বিত্তমন্ত্ৰীয়ে।
হীৰাৰ দামো হ্ৰাস পাব। বাজেটত হীৰাৰ ওপৰত শুল্ক ৰেহাই দিয়া হৈছে।
বাজেটৰ পিছত লিথিয়াম বেটাৰী সস্তা হʼব। বেটাৰীৰ দাম যথেষ্ট কমিছে। চৰকাৰে এই শুল্ক ৰেহাই দিছে।
নকল গহনাৰ দাম বাঢ়িবলৈ গৈ আছে। বাজেটত নকল গহনাৰ ওপৰত শুল্ক বৃদ্ধি কৰা হয়।
প্লেটিনামৰ সকলো গহনাৰো দাম বৃদ্ধি হʼবলৈ গৈ আছে। চৰকাৰে বাজেটত এই ধাতুৰ ওপৰত শুল্ক বৃদ্ধি কৰিছে।













