বুধবাৰে দ্বিতীয়খন মোদী চৰকাৰৰ বাজেট (Second Modi government’s budget) পাঠ কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Finance Minister Nirmala Sitharaman)। ২০২৪ চনত লোকসভা নিৰ্বাচন। তাৰ পূৰ্বে এইখন মোদী চৰকাৰৰ অন্তিমখন সম্পূৰ্ণ বাজেট। স্বাভাৱিকতে এই ২০২৩ চনৰ বাজেটখনক কেন্দ্ৰ কৰি নাগৰিকসকলৰ যথেষ্ট আশা আছে।
কিন্তু স্বাধীনতাৰ পিছৰ প্ৰথমখন বাজেটক কেন্দ্ৰ কৰি দেশবাসীৰ বহু আশা আৰু আকাংক্ষা আছিল। বাজেটখন কেনে আছিল?১৯৪৭-৪৮ চনৰ সেই বাজেটখন পঢ়িছিল তেতিয়াৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী ছাৰ আৰ কে সন্মুখম শেট্টীয়ে। কিন্তু তেওঁ কোনো কংগ্ৰেছ নেতা নাছিল। বৰঞ্চ জাষ্টিচ পাৰ্টিৰ নেতা, ইংৰাজৰ সমৰ্থক। ইয়াৰ উপৰি তেওঁ আছিল এজন উদ্যোগী। তাৰ আগতে তেওঁ কোচি ৰাজ্যৰ দিৱান আৰু সাংবিধানিক বিষয়ৰ পৰামৰ্শদাতা আছিল।
স্বাধীনতাৰ পিছত দেশৰ প্ৰথম বাজেটত মুঠ আবণ্টন আছিল ১৯৭.৩৯ কোটি টকা। ইয়াৰে ৯২.৭৪ কোটি টকা প্ৰতিৰক্ষা খণ্ডলৈ আবণ্টন দিয়া হৈছিল। বাজেটৰ ৪৬ শতাংশ। সেই সময়ত সন্ধিয়া ৫ বজাত বাজেট পঢ়া হৈছিল। কাৰণ, ভাৰতীয় নেতা-মন্ত্ৰীসকলে বিচাৰিছিল যে ব্ৰিটিছ সংসদৰ সদস্যসকলে বাজেটৰ কথা শুনিব।
ভাৰতত যেতিয়া সন্ধিয়া ৫ বাজে, তেতিয়া লণ্ডন প্ৰায় চাড়ে পাঁচ ঘণ্টা পিছ পৰি থাকে, মানে নিশা ১১.৩০। সেই হিচাপৰ ওপৰত ভিত্তি কৰি বাজেট পঢ়াৰ সময় নিৰ্ধাৰণ কৰা হৈছিল।সংসদত প্ৰথম বাজেট পঢ়াৰ পূৰ্বে তেওঁৰ বহু তথ্য সংবাদ মাধ্যমৰ আগত ফাদিল হৈছিল।
ব্ৰিটিছ ৰাজকোষৰ চ্যান্সেলৰ (বিত্তমন্ত্ৰী) হিউ ডাল্টন। সাংবাদিকৰ বাজেটত কৰ ৰেহাইৰ তথ্য ফাদিল কৰিছিল ডাল্টনে এটা কাহিনীৰ আঁৰত। তাৰবাবদ ধনো দিবলগা হৈছিল। ডাল্টনে পদত্যাগ কৰিবলগীয়া হৈছিল। তেতিয়াৰ পৰাই কেন্দ্ৰীয় চৰকাৰ গোপনীয়তাৰ প্ৰতি সতৰ্ক হৈ পৰিছে।
এতিয়া কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ফেব্ৰুৱাৰী মাহৰ প্ৰথমটো কৰ্মদিনত বাজেট পাঠ কৰে। যাতে এপ্ৰিল মাহত নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে বাজেট প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰিব পৰা যায়। একে সময়তে বাজেটখন আগবঢ়াই অনাৰ কাৰণো মোদী চৰকাৰে দিছিল যাতে বাৰিষা আৰম্ভ হোৱাৰ আগতেই নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰিব পৰা যায়। ২০১৬ চনলৈকে ফেব্ৰুৱাৰী মাহৰ শেষ কৰ্মদিনত বাজেট পঢ়া হৈছিল। এতিয়া সেই পৰম্পৰা সলনি হৈছে।