আদানী গ্ৰুপে (Adani Group) আমেৰিকা (America)ৰ কোম্পানী হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ (Hindenburg Research) সকলো অভিযোগ খণ্ডন কৰিছে। লগতে কোম্পানীটোৰ বিৰুদ্ধে ওলোটা অভিযোগ উত্থাপন কৰে। আদানী গ্ৰুপে এই প্ৰতিবেদন ভাৰতৰ ওপৰত ‘পৰিকল্পিত আক্ৰমণ’ বুলি দাবী কৰে। হিণ্ডেনবাৰ্গৰ মূল উদ্দেশ্য আছিল ভুৱা অভিযোগ ৰচনা কৰি ভাৰতীয় কোম্পানীটোক বদনাম কৰা।
শেহতীয়াকৈ আমেৰিকাৰ বিনিয়োগ গৱেষণা সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে আদানী ‘প্ৰৱঞ্চনা’ৰ জৰিয়তে ধনী হৈ পৰিছে। ভাৰতীয় টাইকুন গৌতম আদানীয়ে শ্বেয়াৰৰ মূল্যত হেৰাফেৰি কৰিছিল। এই অভিযোগৰ পিছৰে পৰা শ্বেয়াৰ বজাৰ অস্থিৰ হৈ পৰিছে। সোমবাৰে বজাৰ মুকলি হোৱাৰ পূৰ্বে আদানীৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পায়। কোম্পানীটোৱে বৃহৎ লোকচানৰ সন্মুখীন হৈছে।
হিণ্ডেনবাৰ্গৰ এই প্ৰতিবেদন ৩২ হাজাৰ শব্দৰ আছিল। আনহাতে, আদানীয়ে ৪১৩ পৃষ্ঠাত উত্তৰ ইয়াৰ দিয়ে। দেওবাৰে আদানী গ্ৰুপে জনাইছে যে আমেৰিকান কোম্পানীটোৰ অভিযোগ মিছাৰ বাহিৰে আন একো নহয়। সকলো অভিযোগ ভিত্তিহীন। হিণ্ডেনবাৰ্গে সোধা ৮৮টা প্ৰশ্নৰ ভিতৰত ৬৮টা উত্তৰ ইতিমধ্যে বিভিন্ন সংস্থাৰ বাৰ্ষিক প্ৰতিবেদনত প্ৰকাশ পাইছে। ফলত আদানী গোটে দাবী কৰে যে এই প্ৰশ্নসমূহ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ কৰা হৈছে।
মঙলবাৰে প্ৰকাশ পোৱা হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত আদানীৰ বিৰুদ্ধে হেৰাফেৰিৰ অভিযোগ উত্থাপন হৈছে। দেওবাৰে ৪১৩ পৃষ্ঠাৰ উত্তৰত আদানী গ্ৰুপে এই অভিযোগ অস্বীকাৰ কৰে। তেওঁলোকৰ উত্তৰত কোৱা হৈছে যে ভাৰতীয় আইন ব্যৱস্থাৰ বিষয়ে আমেৰিকাৰ সংগঠনটোৰ সঠিক বুজাবুজি নাই। ভাৰতীয় বজাৰত মূলধন সংগ্ৰহৰ প্ৰক্ৰিয়া কেনেদৰে আগবাঢ়ে সেয়াও কোম্পানীটোৱে নাজানে। হিণ্ডেনবাৰ্গৰ এই ‘অজ্ঞানতাʼৰ উদাহৰণো আদানীয়ে দাঙি ধৰে।
হিণ্ডেনবাৰ্গে তেওঁলোকৰ প্ৰতিবেদনত দাবী কৰিছে যে যোৱা কেইবছৰমানৰ পৰা কেইবাটাও আদানী গ্ৰুপ কোম্পানীৰ মুখ্য বিত্তীয় বিষয়াই (চিএফঅʼ) পদত্যাগ কৰিছে। এই তথ্য সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰা হৈছে। আদানী গ্ৰুপে কয় যে এই কাৰ্যবাহীসকল এতিয়াও কোম্পানীটোৰ সৈতে জড়িত হৈ আছে। তেওঁলোকে আৰু অধিক দায়িত্ব লৈছে। কোনেও পদত্যাগ কৰা নাই।
উল্লেখ্য, হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন ওলোৱাৰ পিছতে আদানী গ্ৰুপৰ মুৰব্বী তথা এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি গৌতম আদানীৰ সম্পত্তি হানি হৈছে। বিশ্বৰ আটাইতকৈ ধনী লোকৰ তালিকাত তেওঁ ৪ নম্বৰ স্থানৰ পৰা একেবাৰে সপ্তম স্থানলৈ অৱনমিত হৈছে।