অৱশেষত বিশ্ব ঐতিহ্য ক্ষেত্ৰ (World Heritage Site)ৰ স্বীকৃতি লাভৰ দিশে (Towards recognition) এখোজ আগুৱাই গ’ল চৰাইদেউৰ মৈদাম (Charaideo’s Maidam)। চৰাইদেউৰ মৈদামক ইউনেস্ক’ বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতিৰ বাবে ভাৰতৰ তৰফৰ পৰা মনোনীত কৰা হৈছে। এই কাৰ্যত সুখী হৈ অসমৰ ৰাইজ তথা ৰাজ্য চৰকাৰৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “ইউনেস্ক’ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে চৰাইদেউৰ মৈদাম বাছনি কৰি অসমবাসীৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে প্ৰদৰ্শন কৰা এয়া সঁচাকৈয়ে এক বিৰল সন্মান। সমগ্ৰ দেশৰ ৫২টা স্থানৰ ভিতৰত চৰাইদেউ মৈদামৰ এই মনোনয়নে ২০১৪ চনৰ পৰা চলাই অহা আমাৰ প্ৰচেষ্টাৰ সফলতাক প্ৰতীয়মান কৰিছে। ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে চৰাইদেউ মৈদামৰ দাবীক ৰাষ্ট্ৰীয় প্ৰচেষ্টা হিচাপে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী জি কিষাণ ৰেড্ডী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ।”
উল্লেখ্য, চৰাইদেউ মৈদামে ইউনেস্ক’ৰ এই স্বীকৃতি লাভ কৰিলে কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পিছত অসমৰ তৃতীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হ’ব।