ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত পৰিবহন বিভাগৰ সজাগতা সভা, বিনামূলীয়া চকু পৰীক্ষা কাৰ্যসূচীৰে পথ সুৰক্ষা সপ্তাহ আৰম্ভ

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
January 11, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST
সমগ্ৰ ৰাজ্যৰ লগতে কাৰবি আংলং (Karbi Anglong) জিলাতো আজিৰে পৰা পথ সুৰক্ষা সপ্তাহৰ (Road Safety Week) কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷ কাৰবি আংলং জিলা পৰিবহন বিষয়াৰ উদ্যোগত আৰু জিলা পৰিবহন সন্থাসমূহৰ সহযোগত ডিফুৰ বেচৰকাৰী বাছ আস্থানত আজি পুৱা ১০ বজাত এই উপলক্ষে এখন সভা অনুষ্ঠিত হৈ যায় ৷

RELATED POSTS

চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মনোনয়ন, প্ৰধানমন্ত্ৰীক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

বেয়া বতৰ নহয়, যান্ত্ৰিক ত্ৰুটিৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ দাবী নেপালৰ বিমান মন্ত্ৰালয়ৰ

শচীন তেণ্ডুলকাৰক অতিক্ৰমি কোহলিৰ বিৰাট অভিলেখ

কাৰবি আংলং জিলা উপায়ুক্ত মধুমিতা ভাগৱতী আৰু জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া উপস্থিত থকা সভাখনৰ আঁত ধৰে জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈয়ে ৷ জিলাখনত পথ সুৰক্ষা সপ্তাহ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি জিলা উপায়ুক্ত ভাগৱতীয়ে কয়যে– এই উপলক্ষে আমি মাহযোৰা কাৰ্যসূচী গ্ৰহণ কৰিছো ৷কেৱল এই সপ্তাহটো আমি উদযাপন কৰিলেই নহ’ব ইয়াক বাস্তৱ ক্ষেত্ৰতো মানি চলিব লাগিব ৷ সকলো সষ্টম হোৱাটোহে আচল কথা ৷ আমি সংকল্পৱদ্ধ হব লাগিব যাতে আগন্তুক বৰ্ষটোত আমাৰ জিলাখনত এটাও পথ দুৰ্ঘটনা সংঘটিত নহয় ৷ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ভাষণ প্ৰদান কৰি কয়যে–ভাৰতত বিভিন্ন কাৰণতকৈ পথ দুৰ্ঘটনাত সৰ্বাধিক লোকৰ মৃত্যু ঘটে ৷ এই বিষয়টোত সেয়ে চৰকাৰে প্ৰাধান্যতাৰে লৈ ইয়াক ৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী গ্ৰহন কৰিছে ৷

RoadP1 1 1 | ASSAM TIMES POST

২০২১ বৰ্ষত কাৰবি আংলং জিলাত ৯৭ গৰাকী লোকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটাৰ বিপৰীতে ২০২২ বৰ্ষত এই সংখ্যা হ্ৰাস পাই ৫৭ গৰাকী হোৱা বুলি তেওঁ উল্লেখ কৰি ইয়াক এক সফলতা আখ্যা দিয়ে ৷ আনহাতে পথ দুৰ্ঘটনাৰ কাৰণে তিনিটা কাৰণক মুখ্য কাৰণ বুলি অভিহিত কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ কাৰণ তিনিটা ক্ৰমে,মদ খাই গাড়ী চলোৱা, তীব্ৰ গতিত বাহন চলোৱা, গাড়ী ভালকৈ চলাব নজনাৰ লগতে একেটা পথেৰে বিপৰীত দিশৰ পৰা গাড়ী অহাও দুৰ্ঘটনাৰ এটা অন্যতম কাৰণ বুলি কয় আৰক্ষী অধীক্ষক গৰাকীয়ে ৷’

RoadP 1 | ASSAM TIMES POST

এই কাৰণবোৰ নিয়ন্ত্ৰণ কৰিব পাৰিলে দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পৰা হব বুলিও তেও আশা প্ৰকাশ কৰে ৷ এইক্ষেত্ৰত সকলোকে সংকল্পৱদ্ধ হবলৈ তেওঁ আহ্বান জনায় ৷ পথ সুৰক্ষাৰ ক্ষেত্ৰত পৰিবহন বিভাগে তেওঁলোকৰ দায়িত্ব, আৰক্ষীয়ে আৰক্ষীৰ দায়িত্ব আৰু সাংবাদিকে সজাগতাৰ সৃষ্টিৰে নিজৰ দায়িত্ব পালন কৰিব বুলিও তেওঁ আশা ব্যক্ত কৰে ৷

জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈয়ে কয়যে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে,আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছো ৷ আৰু সমগ্ৰ জিলা জুৰি এনে কাৰ্যসূচী গ্ৰহণ কৰা হব ৷ আনহাতে ১৭ জানুৱাৰীত মাঞ্জাৰ মহংদিজুৱাৰ পৰা কাছা খেল পথাৰলৈ প্ৰাইজমনি হাফ মাৰাথান প্ৰতিযোগিতাৰে পথ সুৰক্ষা সপ্তাহ ২০২৩ৰ সামৰণি পৰিব বুলি পৰিবহন বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ৷

ADVERTISEMENT

আনহাতে, আজিৰ এই শুভাৰম্ভনি কীৰ্যসূচীৰ সৈতে জিলা পৰিবহন বিভাগে বাণিজ্যিক বাহন চালক আৰু পৰিচালক সকলৰ বাবে বিনামূলীয়া এক চকু পৰীক্ষা কাৰ্যসূচীও অনুষ্ঠিত কৰে ৷ জিলা পৰিবহন বিষয়াই জানিবলৈ দিয়ে যে, এই পৰীক্ষা সম্পূৰ্ণ বিনামূলীয়া হ’ব আৰু ইয়াত অংশ গ্ৰহণ কৰা চালক- পৰিচালক সকল গুৰুতৰ ৰূপে আক্ৰান্ত হ’লে তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থাও বিভাগে কৰিব বুলিও প্ৰকাশ কৰে ৷ আজিৰ এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা, কিৰি ৰংহাঙ আৰু জ্যেষ্ট নাগৰিক অশোক ঠাকুৰেও চালক সকলক গ্ৰহণ কৰিবলগীয়া সুৰক্ষা ব্যৱস্থা সম্পৰ্কে ভাষণ প্ৰদান কৰে৷

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: Road Safety Weekপথ সুৰক্ষা সপ্তাহ
Share5Tweet3Send

Related Posts

চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মনোনয়ন, প্ৰধানমন্ত্ৰীক ধন্যবাদ মুখ্যমন্ত্ৰীৰ
Assam

চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মনোনয়ন, প্ৰধানমন্ত্ৰীক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

by News Desk
January 21, 2023
54
বেয়া বতৰ নহয়, যান্ত্ৰিক ত্ৰুটিৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ দাবী নেপালৰ বিমান মন্ত্ৰালয়ৰ
National-International

বেয়া বতৰ নহয়, যান্ত্ৰিক ত্ৰুটিৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ দাবী নেপালৰ বিমান মন্ত্ৰালয়ৰ

by Staff Reporter
January 16, 2023
51
শচীন তেণ্ডুলকাৰক অতিক্ৰমি কোহলিৰ বিৰাট অভিলেখ
National-International

শচীন তেণ্ডুলকাৰক অতিক্ৰমি কোহলিৰ বিৰাট অভিলেখ

by Staff Reporter
January 16, 2023
52
অবৈধভাৱে ৰখোৱা ট্ৰাকৰ খুন্দাত মৃত্যু এজন যুৱকৰঃ স্থানীয় ৰাইজৰ পথ অৱৰোধ
ALL NEWS

অবৈধভাৱে ৰখোৱা ট্ৰাকৰ খুন্দাত মৃত্যু এজন যুৱকৰঃ স্থানীয় ৰাইজৰ পথ অৱৰোধ

by ASSAM TIMES POST
January 8, 2023
52
বিশ্বকাপৰ সময়ত কাটাৰত আইএছৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা
National-International

বিশ্বকাপৰ সময়ত কাটাৰত আইএছৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা

by Staff Reporter
November 16, 2022
53
কাৰবি আংলং জিলাৰ খটখটিত 300 বস্তা সন্দেহ জনক বাৰ্মিজ চুপাৰি জব্দ:
ALL NEWS

কাৰবি আংলং জিলাৰ খটখটিত 300 বস্তা সন্দেহ জনক বাৰ্মিজ চুপাৰি জব্দ:

by ASSAM TIMES POST
October 31, 2022
51
ADVERTISEMENT
গুজৰাটৰ গডমেন আশাৰাম বাপুক দিলে ধৰ্ষণকাৰীৰ আখ্যাঃ দোষী সাব্যস্ত গডমেন
National-International

গুজৰাটৰ গডমেন আশাৰাম বাপুক দিলে ধৰ্ষণকাৰীৰ আখ্যাঃ দোষী সাব্যস্ত গডমেন

January 30, 2023
50
কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:
KARBI ANGLONG

কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:

January 30, 2023
50
বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:
KARBI ANGLONG

বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:

January 30, 2023
50
প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:
Entertainment

Categories

ALL NEWS (17211) Assam (12335) BREAKING NEWS (6431) Business (26) Economy (52) Editorial (11) EDUCATION AND TECHNOLOGY (54) Entertainment (595) Entertrainment (287) EXCLUSIVE (124) Fashion (8) Featured (18) Features (30) Guwahati (1839) Health & Fitness (609) Jobs & Career (5) KARBI ANGLONG (2380) Lifestyle (23) literature (16) National-International (4884) NORTHEAST (464) Novels (3) Photo (4) Poems (9) Political (98) Recipes (5) Sports News (363) Stories (7) Tech (8) Travel (6) Uncategorized (14) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: