![]()
নিয়মীয়াকৈ টহল দি থকা অৱস্থাত খাৱৈত পৰি মৃত্যু হয় তিনিজন সেনা জোৱানৰ। জম্মু-কাশ্মীৰ (Jammu-Kashmir) ৰ কুপৱাৰা জিলাৰ মাচিল খণ্ডৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত বুধবাৰে সংঘটিত হয় এই ঘটনা।

সেনাৰ সূত্ৰ অনুসৰি, বুধবাৰে পুৱা চীন কৰ্পছৰ এজন জুনিয়ৰ কমিছনড অফিচাৰ (জেচিঅʼ) আৰু আন দুজন জোৱানে মাচিল ছেক্টৰৰ ফৰৱাৰ্ড এলেকাত টহল দি গাড়ীৰে টহল দি আছিল। তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয়। জোৱানৰ বাহনখন ছিটিকি দ খাৱৈত পৰি যায়। তিনিজন জোৱানৰ থিতাতে মৃত্যু হয়।
সেনাৰ সূত্ৰ অনুসৰি, উদ্ধাৰ হৈছে তিনিটা মৃতদেহ। এই ঘটনা কেনেকৈ সংঘটিত হʼল তাৰ তদন্ত চলি আছে। যোৱা দুমাহৰ ভিতৰত এয়া দ্বিতীয়টো ঘটনা। অৱশ্যে কুপৱাৰাত তুষাৰপাত আৰম্ভ হৈছে। তাৰ বাবেই গাড়ীখন পিছলি পৰিছিল নেকি, নে আন কোনো কাৰণত দুৰ্ঘটনাটো সংঘটিত হৈছিল তাৰ তদন্ত কৰা হʼব।
কিন্তু প্ৰথম অৱস্থাত বৰফেৰে আবৃত পথটোত চকা পিছলি যোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। যোৱা বছৰৰ ডিচেম্বৰ মাহত ছিকিমৰ গেংটকত সেনাৰ বাহন দ খাৱৈত পৰি মৃত্যু হৈছিল ১৬ জন জোৱানৰ। উত্তৰ ছিকিমৰ জেম্মাৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।











