ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অবৈধভাৱে ৰখোৱা ট্ৰাকৰ খুন্দাত মৃত্যু এজন যুৱকৰঃ স্থানীয় ৰাইজৰ পথ অৱৰোধ

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
January 8, 2023
Reading Time: 1 min read
A A
0
অবৈধভাৱে ৰখোৱা ট্ৰাকৰ খুন্দাত মৃত্যু এজন যুৱকৰঃ স্থানীয় ৰাইজৰ পথ অৱৰোধ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মনোনয়ন, প্ৰধানমন্ত্ৰীক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

বেয়া বতৰ নহয়, যান্ত্ৰিক ত্ৰুটিৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ দাবী নেপালৰ বিমান মন্ত্ৰালয়ৰ

শচীন তেণ্ডুলকাৰক অতিক্ৰমি কোহলিৰ বিৰাট অভিলেখ

মৰিয়নী পথৰ চিনামৰা আৰক্ষী চকীৰ অন্তৰ্গত কাঠকটীয়াত কালি নিশা অবৈধভাৱে ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰি ঢেকীয়াজুলি চাহ বাগিচাৰ খেৰ লাইনৰ মনোজ তাঁতী নামৰ যুৱকজনৰ মৃত্যু হয়। এ এচ ০৩ এক্স-০৯৭৬ নম্বৰৰ স্কুটিৰে ঘৰলৈ আহি থকা অৱস্থাত কাঠকটীয়া অঞ্চলত পথৰ ওপৰত এএচ-২৩-এচি- ৫৩৬৩ নম্বৰৰ অবৈধভাৱে ৰখাই থোৱা ট্ৰাকৰ পিছফালে খুন্দা মাৰি মৃত্যুক আঁকোৱালি লয়।

অবৈধভাৱে ৰখোৱা ট্ৰাকৰ খুন্দাত মৃত্যু এজন যুৱকৰঃ
অবৈধভাৱে ৰখোৱা ট্ৰাকৰ খুন্দাত মৃত্যু এজন যুৱকৰঃ

২২-২৪ বছৰীয়া যুৱক জনৰ মৃত্যুক কেন্দ্ৰ কৰি আজি পথ অৱৰোধ কৰে স্থানীয় ৰাইজে।জানিব পৰা মতে, ‘অমৃত ব্ৰেণ্ড’ৰ আটা প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ইষ্টাৰ্ণ ৰ’লাৰ ফ্ল’ৰ মিলছ প্ৰাইভেট লিমিটেডৰ বৃহৎ আটা মিলটোলৈ কেঁচা সামগ্ৰী কঢ়িয়াই অনা বহু ট্ৰাক পথৰ ওপৰতে অবৈধ ভাৱে ৰখোৱা থাকে। কালি নিশাও এনে অনুৰূপ ঘটনাই হৈছিল।

তাৰোপৰি এই মিলটোৰ ভিতৰত থকা এশ টনৰ ৱেই ব্ৰীজত জুখিবলৈ দৈনিক শতাধিক ট্ৰাক অহা যোৱা কৰে আৰু সেই ট্ৰাকসমূহো পথৰ ওপৰতে অবৈধ ভাৱে দীৰ্ঘসময় ধৰি ৰখাই থয় । আনকি ৰখাই থোৱা ট্ৰাকৰ ফলত অন্য বাহনৰ চলাচল সুচল কৰিবলৈ চিনামৰা আৰক্ষীয়ে আৰক্ষী মোতায়েন কৰিবলগীয়াও হয় ।

কালিও আছিল কৰ্তব্যৰত আৰক্ষী । ইফালে, কালি ৰাতি দুৰ্ঘটনাত যুৱকজনৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগেই বাগিচাখনৰ শতাধিক লোক ঘটনাস্থলীত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আৰু আৰক্ষীৰ লগত হতাহতিতো লিপ্ত হয়। একাংশ উত্তেজিত লোকে উপস্থিতিৰ ফলত আৰক্ষীয়ে মৃদু লাঠিচালনা কৰিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হয় । পৰৱৰ্তী সময়ত চিনামৰাৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

ইফালে, আজি প্ৰায় পুৱা ১১ মান বজাৰ পৰা দুপৰীয়া ১.৩০ মান বজালৈকে কেইবাশতাধিক লোকে কাঠকটীয়া অঞ্চলত যোৰহাট মৰিয়নি পথ অৱৰোধ কৰে । প্ৰতিবাদকাৰীসকলে এই ঘটনা ইষ্টাৰ্ণ ৰ’লাৰ ফ্ল’ৰ মিলৰ কৰ্তৃপক্ষৰ ভুলৰ বাবেই সংঘটিত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি জিলা উপায়ুক্তক ঘটনাস্থলীলৈ আহিব লাগিব বুলি দাবী জনোৱাৰ সমান্তৰালকৈ মিলটোৰ গৰাকীক গ্ৰেপ্তাৰ কৰাৰী দাবী জনায়।

অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ আদিৰ বিষয়ববীয়াসকলৰ লগতে মৰিয়নিৰ ৰাজহ চক্ৰৰ বিষয়া অসীম বৰগোঁ‌হাই, মৰিয়নিৰ আৰক্ষী চক্ৰ পৰিদৰ্শক দণ্ডীৰাম বৰা, মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিলোচন নাথ, চিনামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চিত্তৰঞ্জন বৰগোঁ‌হাই আদি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই যদিও বিফল হোৱাত অধিক আৰক্ষীৰ লগতে অৰ্দ্ধ সামৰিক বাহিনীও নিয়োগ কৰা হয়।

উল্লেখ্য যে, মৃত মনোজ তাঁ‌তী পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি হোৱাৰ বাবে মৃতকৰ পৰিয়ালক বিশ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ লগতে পৰিয়ালৰ এজনক মিলটোত স্থায়ী কামত নিযুক্তি দিবলৈ দাবী জনায় । এই দাবী জনাই আটছা, আছা আদিয়ে সুকীয়া সুকীয়াকৈ জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰও প্ৰদান কৰে ।

ADVERTISEMENT

পিছলৈ ঘটনাস্থলীত অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামী, উপ আৰক্ষী অধীক্ষক মামনী হাজৰিকা আদি ঘটনাস্থলীত উপস্থিত হৈ ৰাইজক বুজোৱাৰ চেষ্টা চলায়। স্থানীয় ৰাইজৰ হুংকাৰৰ আগত হাৰ মানি অৱশেষত আৰক্ষী আৰু প্ৰশাসনৰ লোকে ইষ্টাৰ্ণ ৰ’লাৰ ফ্ল’ৰ মিলছ প্ৰাইভেট লিমিটেড কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি ব্যৱস্থা ল’বলৈ আহ্বান জনায় ।

মিলটোৰ কৰ্তৃপক্ষৰ হৈ প্ৰৱন্ধক ৰাজনীশ ভৰালীয়ে আৰক্ষী আৰু প্ৰশাসনৰ লোকৰ সৈতে আলোচনা কৰি ৰাইজৰ দাবীৰ ওচৰত সেও মানি ৰাইজৰ দাবী মানি ল’বলৈ বাধ্য হয় । তাৰোপৰি ভৱিষ্যতে মিললৈ অহা কোনো ট্ৰাক বা অন্য বাহন পথৰ দাঁ‌তিত পাৰ্কিং কৰা নহ’ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে । একেদৰে অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীয়েও পথটোৰ দাঁ‌তিত কোনো ট্ৰাক আদিক ৰাখিবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰাৰ লগতে এই ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মন্তব্য কৰে ।

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Share4Tweet3Send

Related Posts

চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মনোনয়ন, প্ৰধানমন্ত্ৰীক ধন্যবাদ মুখ্যমন্ত্ৰীৰ
Assam

চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মনোনয়ন, প্ৰধানমন্ত্ৰীক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

by News Desk
January 21, 2023
54
বেয়া বতৰ নহয়, যান্ত্ৰিক ত্ৰুটিৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ দাবী নেপালৰ বিমান মন্ত্ৰালয়ৰ
National-International

বেয়া বতৰ নহয়, যান্ত্ৰিক ত্ৰুটিৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ দাবী নেপালৰ বিমান মন্ত্ৰালয়ৰ

by Staff Reporter
January 16, 2023
51
শচীন তেণ্ডুলকাৰক অতিক্ৰমি কোহলিৰ বিৰাট অভিলেখ
National-International

শচীন তেণ্ডুলকাৰক অতিক্ৰমি কোহলিৰ বিৰাট অভিলেখ

by Staff Reporter
January 16, 2023
52
ডিফুত পৰিবহন বিভাগৰ সজাগতা সভা, বিনামূলীয়া চকু পৰীক্ষা কাৰ্যসূচীৰে পথ সুৰক্ষা সপ্তাহ আৰম্ভ
KARBI ANGLONG

ডিফুত পৰিবহন বিভাগৰ সজাগতা সভা, বিনামূলীয়া চকু পৰীক্ষা কাৰ্যসূচীৰে পথ সুৰক্ষা সপ্তাহ আৰম্ভ

by News Desk
January 11, 2023
63
বিশ্বকাপৰ সময়ত কাটাৰত আইএছৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা
National-International

বিশ্বকাপৰ সময়ত কাটাৰত আইএছৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা

by Staff Reporter
November 16, 2022
53
কাৰবি আংলং জিলাৰ খটখটিত 300 বস্তা সন্দেহ জনক বাৰ্মিজ চুপাৰি জব্দ:
ALL NEWS

কাৰবি আংলং জিলাৰ খটখটিত 300 বস্তা সন্দেহ জনক বাৰ্মিজ চুপাৰি জব্দ:

by ASSAM TIMES POST
October 31, 2022
51
ADVERTISEMENT
কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:
KARBI ANGLONG

কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:

January 30, 2023
50
বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:
KARBI ANGLONG

বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:

January 30, 2023
50
প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:
Entertainment

প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:

January 30, 2023
50
“শিক্ষকশ্ৰী” বকুল দত্তৰ দেহাৱসানত শোকৰ ছাঁ বোকাখাতত:

Categories

ALL NEWS (17211) Assam (12335) BREAKING NEWS (6431) Business (26) Economy (52) Editorial (11) EDUCATION AND TECHNOLOGY (54) Entertainment (595) Entertrainment (287) EXCLUSIVE (124) Fashion (8) Featured (18) Features (30) Guwahati (1839) Health & Fitness (609) Jobs & Career (5) KARBI ANGLONG (2380) Lifestyle (23) literature (16) National-International (4883) NORTHEAST (464) Novels (3) Photo (4) Poems (9) Political (98) Recipes (5) Sports News (363) Stories (7) Tech (8) Travel (6) Uncategorized (14) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: