ASSAM TIMES POST
গুৱাহাটীঃ প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ প্ৰতিষ্ঠাৰ সৈতে সংগতি ৰাখি ১৬ নৱেম্বৰত পালন কৰি অহা ৰাষ্ট্ৰীয় প্ৰেছ দিৱস শনিবাৰে ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে উদযাপন কৰা হয়। ৰাজ্যৰ মফচলীয় সাংবাদিকসকলৰ অনুষ্ঠান আছাম প্ৰেছ কৰেছপণ্ডেট ইউনিয়ন চমুকৈ ‘আপকু’ৱে গুৱাহাটী প্ৰেছ ক্লাবত এই দিৱসটো পালন কৰে। শ্বহীদ সাংবাদিকসকলক শ্ৰদ্ধা নিবেদন কৰাৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাজনো প্ৰবীন সাংবাদিকক সংগঠনটোৱে এই দিৱস উপলক্ষে সম্বৰ্ধনা জনায়।
ইফালে, গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত কাৰ্যালয়ত এই দিৱস পালন কৰে জাৰ্ণেলিষ্ট এছ’চিয়েচন অৱ আছাম চমুকৈ ‘জা’ আৰু নেশ্যনেল ইউনিয়ন অৱ জাৰ্ণেলিষ্টছ ইণ্ডিয়াই। সমান্তৰালভাৱে, ৰাজ্য চৰকাৰৰ উদ্যোগটো এই দিৱসটি পালন কৰাৰ দিহা কৰা হৈছে। শিলচৰত এই কাৰ্যসূচী অনুষ্ঠিত হ’ব। ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ প্ৰতিজন সাংবাদিক আৰু সংবাদ কৰ্মীক শুভেচ্ছা জ্ঞাপন কৰিছে। ইয়াৰোপৰি, ৰাজ্যৰ আন আন সাংবাদিক আৰু সংবাদ কৰ্মীসকলৰ সংগঠনসমূহ তথা প্ৰেছ ক্লাবসমূহটো এই দিৱসৰ আয়োজন কৰা হৈছে।