ASSAM TIMES POST
ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা নগৰৰ সমীপৱৰ্তী কদমতল উচ্চ মাধ্যমিক বিদ্যালয়ত জাক জমককৈ শিশু দিৱস উদযাপন কৰা হয়।
বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দন চক্ৰৱৰ্তীয়ে সভাপতিত্ব কৰা অনুষ্ঠানটিত বিদ্যালয়ৰ শিক্ষক ক্ৰমে হৰেকৃষ্ণ ডেকা, সীমান্ত শৰ্মা আৰু দ্বিজেন্দ্ৰলাল মিত্ৰই প্ৰয়াত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জীৱনৰ উপৰত বক্তৃতা দিয়ে।
সভাৰ অন্তত গাম্বী ছফ্টৱেৰ প্ৰাইভেট লিমিটেডৰ লাইভ ক্লাছৰ যোগেদি এখন বোলছবি প্ৰদৰ্শন কৰা হয়। উল্লেখ্য যে বৰ্তমান সময়ত অসমত গাম্বী ছফ্টৱেৰ প্ৰাইভেট লিমিটেডৰ অধিনত ৩৫০ উচ্চ ও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ডিজিটেল লাইভ ক্লাছ চলি আছে।
গাম্বী ছফ্টৱেৰ প্ৰাইভেট লিমিটেডৰ শিক্ষাৰ গুনগত মান আৰু শিক্ষাৰ ক্ষেত্ৰত এনেধৰণৰ পাঠদানৰ ব্যৱস্থা কৰাৰ বাবে ৰাইজে কৃতজ্ঞতা প্ৰকাশ কৰে। ডিজিটেল লাইভ ক্লাছৰ প্ৰদৰ্শিত বোলছবি খন চাই ছাত্র-ছাত্ৰী সকল আনন্দিত হোৱা পৰিলক্ষিত হয়।