কাটাৰ বিশ্বকাপত ব্ৰাজিল, ক্ৰোৱেচিয়া, আৰ্জেণ্টিনা, নেদাৰলেণ্ড, পৰ্তুগাল, মৰক্কো, ফ্ৰান্স আৰু ইংলেণ্ডে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দুদিনৰ বাবে বিৰতি। ৯ ডিচেম্বৰ শুকুৰবাৰৰ পৰা পুনৰ আৰম্ভ হʼব কোৱাৰ্টাৰ ফাইনেলৰ খেল। শুকুৰবাৰে ভাৰতীয় সময় অনুসৰি নিশা ৮.৩০ বজাত প্ৰথম কোৱাৰ্টাৰ ফাইনেলত নেইমাৰে লুকা মড্ৰিচৰ ক্ৰোৱেচিয়াৰ বিৰুদ্ধে খেলিব।
এই খেলখন এডুকেচন চিটি ষ্টেডিয়ামত অনুষ্ঠিত হʼব। লুচিল ষ্টেডিয়ামত নিশা ১২.৩০ বজাত দ্বিতীয় কোৱাৰ্টাৰ ফাইনেলত নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিব মেছিয়ে। পিছদিনা ১০ নৱেম্বৰৰ নিশা ৮.৩০ বজাত পৰ্তুগালে তৃতীয় কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ বিৰুদ্ধে খেলিব। থুম্মা ষ্টেডিয়ামত অনুষ্ঠিত হʼব এই খেলখন।
আনহাতে, নিশা ১২.৩০ বজাত ফ্ৰান্স আৰু ইংলেণ্ড চতুৰ্থ কোৱাৰ্টাৰ ফাইনেলত মুখামুখী হʼব। আল বেইট ষ্টেডিয়ামত অনুষ্ঠিত হʼব এই খেলখন। প্ৰি-কোৱাৰ্টাৰত নেদাৰলেণ্ডে আমেৰিকাক ৩-১ গʼলত পৰাস্ত কৰে। মেছিয়ে অষ্ট্ৰেলিয়াক ২-১ গʼলত পৰাস্ত কৰে। পুনৰ ফ্ৰান্সে পোলেণ্ডক ৩-১ গʼলত পৰাস্ত কৰে।
ইংলেণ্ডে চেনেগালক ৩টা পোনপটীয়া গʼলত পৰাস্ত কৰে। টাইব্ৰেকাৰত জাপানক পৰাস্ত কৰে ক্ৰোৱেচিয়াই। দক্ষিণ কোৰিয়াক ৪-১ গʼলত পৰাস্ত কৰে ব্ৰাজিলে। ২০১০ চনৰ বিশ্বকাপ চেম্পিয়ন স্পেইনক টাইব্ৰেকাৰত পৰাস্ত কৰিছিল মৰক্কোৱে। আৰু পৰ্তুগালে ছুইজাৰলেণ্ডক ৬-১ গʼলত পৰাস্ত কৰে।