বিশ্বকাপৰ ধাৰা অব্যাহত ৰাখি এইবাৰো বিশ্ব মঞ্চত ইংলেণ্ডে আমেৰিকাক পৰাস্ত কৰিব নোৱাৰিলে। বিশ্বৰ দুখন শক্তিশালী দেশৰ মাজত যুঁজখন সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ইৰাণৰ বিৰুদ্ধে ছয় গʼলৰ জয়ৰে দুৰ্দান্ত আৰম্ভণি কৰিছিল ইংলেণ্ডে। ফুটবল পণ্ডিতসকলে সম্ভাৱ্য অন্তিম চাৰিটা দলত ‘থ্ৰী লায়ন্সʼক স্থান দিছিল। কিন্তু দ্বিতীয়খন মেচত উজুটি খালে হেৰী কেন বাহিনীয়ে।
শুকুৰবাৰে নিশা আল বেইট ষ্টেডিয়ামত ইংলেণ্ডে আমেৰিকাৰ সৈতে গʼলবিহীন ড্ৰ’ কৰে। দুয়োটা দলে গʼল দিয়াৰ সুযোগ লাভ কৰে। কিন্তু হেৰী কেন, খ্ৰীষ্টিয়ান পুলিচিচে লক্ষ্যভ্ৰষ্ট হয়। দুয়োটা দলৰ ভিতৰত আমেৰিকাই আধিপত্য বিস্তাৰ কৰে। প্ৰথমখন খেলত ৬টা গʼল দিয়াৰ পাছত ইংলেণ্ডে গʼল দিবলৈ এজন খেলুৱৈ বিচাৰি নাপালে।
ইয়াৰ বিপৰীতে এটা সময়ত আমেৰিকানসকলৰ হেঁচাত ষ্টাৰলিং আৰু মেগুৱেৰৰ পতন ঘটিছিল। পুলিচিচৰ শ্বটটোৱে ক্ৰছপিছত খুন্দা নামাৰা হʼলে চাউথগেটৰ আমেৰিকাই গʼলটো দিলেহেঁতেন। অৱশ্যে ইংলেণ্ডৰ প্ৰশিক্ষকগৰাকীৰ বাবে ভাল কথা, আঘাতৰ ভয় অতিক্ৰম কৰি সমগ্ৰ নব্বৈ মিনিট খেলপথাৰত থাকে হেৰী কেন।
নকআউট পৰ্যায়ত আমেৰিকাৰ সম্ভাৱনা এতিয়াও জীয়াই আছে। আনহাতে ইংলেণ্ডে প্ৰথমখন খেলত ইৰাণক ৬-২ গʼলত পৰাস্ত কৰি বিশ্বকাপৰ আৰম্ভণি কৰে। শুকুৰবাৰে জয়লাভ কৰিলে অন্তিম ষোল্ল ত স্থান নিশ্চিত হʼলহেঁতেন।
কিন্তু অপেক্ষা দীঘলীয়া হৈ পৰিল। বিশ্বকাপৰ ইতিহাসত ইংলেণ্ডে কেতিয়াও আমেৰিকাক পৰাস্ত কৰা নাই। সেই অভিলেখ আজিও অব্যাহত আছে। গেৰেথ চাউথগেটৰ হাতত আছে ৱিনিং কম্বিনেচন। গঠনতো কোনো পৰিৱৰ্তন হোৱা নাই। কিন্তু ইংলেণ্ডে ইৰাণৰ মেচখনৰ ৫০ শতাংশও খেলিব নোৱাৰিলে।
বিপক্ষে কোনো তাৰকা ফুটবলাৰ নাছিল, টিমথি ৱেহৰ বাহিৰে। তাৰ তুলনাত চাউথগেটৰ দলটো একাধিক মেচত বিজয়ী আছে। পৰিসংখ্যা অনুসৰি ইংলেণ্ডে বিশ্বকাপৰ প্ৰথমাৰ্ধত যোৱা পাঁচখন খেলত জয়ী হোৱা নাই। বৰ্তমানো একেই কথা।