![]()
জম্মু-কাশ্মীৰত প্ৰাকৃতিক দুৰ্যোগত ৩ সেনা জোৱানৰ মৃত্যু। তাত পহৰা দি আছিল ৫৬ নং ৰাষ্ট্ৰীয় ৰাইফলছৰ ৩ জন জোৱানে। হঠাতে হোৱা হিমস্খলনৰ বাবে তেওঁলোকে নিজকে বচাব নোৱাৰিলে।
আৰক্ষীৰ মতে, কুপৱাৰাৰ মাছল অঞ্চলত নিয়ন্ত্ৰণ ৰেখাৰ দুই-এক কিলোমিটাৰ আগত সংঘটিত হৈছে এই ঘটনা। বৃহস্পতিবাৰে নিশা প্ৰায় ২.৩০ বজাত সংঘটিত হয় এই ঘটনা।
তথ্য লাভ কৰাৰ পিছতে উদ্ধাৰকাৰী দলক ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়। দীঘলীয়া অনুসন্ধানৰ অন্তত তিনিজন লোকৰ মৃতদেহ উদ্ধাৰ হয়। সেনাই জনোৱা মতে, থিতাতে দুজন জোৱানৰ মৃত্যু হয়। তৃতীয়জনক উদ্ধাৰ কৰি চিকিৎসা আৰম্ভ কৰে যদিও শেষত বচাব পৰা নগ’ল।











