বিমুদ্ৰাকৰণ Demonetizationআছিল এক ইচ্ছাকৃত সিদ্ধান্ত। জাল নোট, সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্য, কʼলা ধন আৰু কৰ ফাঁকি ৰোধ কৰাৰ বৃহত্তৰ কৌশলৰ অংশ। কেন্দ্ৰই আজি উচ্চতম ন্যায়ালয়ৰ Supreme Court সংবিধান বিচাৰপীঠত শপতনামাযোগে এই কথা প্ৰকাশ কৰে।
উচ্চতম ন্যায়ালয়ৰ Supreme Court পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে ২০১৬ চনত ৫০০ আৰু ১০০০ টকাৰ বিমুদ্ৰাকৰণৰ সাংবিধানিক বৈধতাৰ প্ৰশ্নৰ শুনানি গ্ৰহণ কৰি আছে।
ন্যায়াধীশ এছ এ নাজিৰৰ নেতৃত্বত থকা বিচাৰপীঠৰ সন্মুখত দিয়া শপতনামাত কেন্দ্ৰই কয় যে বিমুদ্ৰাকৰণ হৈছে এক অৰ্থনৈতিক নীতিগত সিদ্ধান্ত, যিটো সংসদৰ ৰিজাৰ্ভ বেংক আইন (১৯৩৪)ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতাৰ অধীনত লোৱা হৈছে। পিছত সংসদত আইনখন আনি ছীল-মোহৰ মৰা হয়। কেন্দ্ৰৰ মতে, অৰ্থনৈতিক নীতিৰ পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত অন্যতম গুৰুত্বপূৰ্ণ এই পদক্ষেপ ৰিজাৰ্ভ বেংকৰ কেন্দ্ৰীয় বোৰ্ডৰ নিৰ্দিষ্ট পৰামৰ্শৰ ভিত্তিত গ্ৰহণ কৰা হৈছে।
৫০০ আৰু ১০০০ টকাৰ বিমুদ্ৰাকৰণৰ পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ ৰিজাৰ্ভ বেংকে এক খচৰা আঁচনিৰ প্ৰস্তাৱ আগবঢ়ায়। কেন্দ্ৰীয় চৰকাৰে ইয়াক পৰীক্ষা কৰাৰ অন্তত এক অধিসূচনা জাৰি কৰি সিদ্ধান্ত কাৰ্যকৰী কৰে। কিন্তু সাধাৰণ জনতাৰ দুখ-কষ্টৰ কথা মনত ৰাখি বাছ, ৰে’ল বা বিমানৰ টিকট বুকিং, চৰকাৰী চিকিৎসালয়ত চিকিৎসা বা এল পি জি চিলিণ্ডাৰৰ খৰচ পূৰণ আদি গোচৰতো বাতিল কৰা নোটৰ ৰেহাই দিয়া হৈছিল।
কেন্দ্ৰৰ মতে, ভুৱা নোট, কʼলা ধন বা চৰকাৰ বিৰোধী কাম-কাজৰ বাবে আৰ্থিক সহায়ৰ অন্ত পেলোৱাৰ উপৰি সংগঠিত খণ্ডৰ সম্প্ৰসাৰণ, ডিজিটেল লেনদেন, যোগাযোগ আৰু কৰ কভাৰেজ বৃদ্ধি, ব্যৱসায় কৰাৰ খৰচ হ্ৰাস, অধিক লোকক বেংকৰ অধীনলৈ অনা সেৱা আৰু অসংগঠিত খণ্ডৰ দীৰ্ঘদিনীয়া সুৰুঙাসমূহ আঁতৰোৱা।চৰকাৰৰ অৰ্থনৈতিক নীতিত এনে বিষয়সমূহক অগ্ৰাধিকাৰ দিয়া হৈছে। পৰৱৰ্তী শুনানি ২৪ নৱেম্বৰত হʼব।