মানৱ অধিকাৰ উলংঘাৰ ফলত জুৰুলা হোৱা কাটাৰত অনুষ্ঠিত বিশ্বকাপত নতুন সংকটে দেখা দিছে। ইছলামিক ষ্টেট (আই এছ)ৰ সমৰ্থকে বিশ্বকাপৰ সময়ত কাটাৰত সন্ত্ৰাসবাদী আক্ৰমণৰ আহ্বান জনাইছে বুলি স্পেইনৰ বাতৰি কাকতসমূহে প্ৰকাশ কৰিছে।
স্পেইনৰ বাতৰি অনুসৰি, আইএছৰ একাংশ সমৰ্থকে মোবাইল এপ টেলিগ্ৰামৰ জৰিয়তে সন্ত্ৰাসবাদৰ আহ্বান জনাইছিল।
বিশ্বকাপৰ সময়ত এই গোটটোৱে বিশ্ব মঞ্চত আইএছৰ বিৰোধিতা কৰা দেশসমূহক লক্ষ্য কৰি লৈছে। যেনে বেলজিয়াম, কানাডা, ফ্ৰান্স। কেৱল উক্ত দেশকেইখনৰ ফুটবলাৰৰ ওপৰত কৰা আক্ৰমণৰ কথাই কোৱা হোৱা নাই। কাটাৰত খেল চাবলৈ অহা উক্ত দেশবোৰৰ দৰ্শককো আক্ৰমণৰ আহ্বান জনোৱা হৈছে।
বাতৰিকাকতৰ বাতৰি অনুসৰি, টেলিগ্ৰামৰ জৰিয়তে আদান-প্ৰদান কৰা বাৰ্তাসমূহ এনেদৰে পোৱা গৈছে, “স্বচ্ছ অভিযান আৰম্ভ হৈছে। কাটাৰ বিশ্বকাপত অংশগ্ৰহণ কৰি গʼল দিব। লক্ষ্য খালী।” তেওঁলোকে ভাবে যে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা ইমানবোৰ মানুহক একত্ৰিতভাৱে পোৱাৰ এই সুযোগ আৰু নাপায়।
গতিকে যি কৰিব লাগে, ইয়াতেই কৰা উচিত। টেলিগ্ৰাম এপৰ জৰিয়তেও বিয়পি পৰিছে দুটা ‘ইনফোগ্ৰাফিক’। ইয়াৰে এটাত আইএছক পৰাস্ত কৰিবলৈ মিত্ৰজোঁটৰ আহ্বান জনোৱা দেশসমূহৰ নাম সন্নিবিষ্ট কৰা হৈছে। আৰু দ্বিতীয়টোত আছে কাটাৰত অনুষ্ঠিত বিশ্বকাপত অংশগ্ৰহণ কৰা সকলো দলৰ নাম।