কলকাতা নাইট ৰাইডাৰ্ছৰ বাবে বেয়া খবৰ। পৰৱৰ্তী আই পি এলত কে কে আৰে অষ্ট্ৰেলিয়াৰ পেচাৰ পেট কামিন্সক নাপাব। পৰৱৰ্তী আই পি এলত নেখেলাৰ সিদ্ধান্ত লৈছে কামিন্সে।কামিন্সৰ এই সিদ্ধান্তৰ কাৰণ হৈছে আন্তঃৰাষ্ট্ৰীয় সময়ছোৱাৰ ব্যস্ততা।
কামিন্স অষ্ট্ৰেলিয়াৰ টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক। তেওঁ কয়, “মই পৰৱৰ্তী আই পি এল নেখেলাৰ সিদ্ধান্ত লৈছো। কাৰণ আগন্তুক বছৰত বহুত টেষ্ট আৰু এদিনীয়া ক্ৰিকেট খেলিব লাগিব। এই সিদ্ধান্ত টেষ্ট আৰু বিশ্বকাপৰ পূৰ্বে পৰ্যাপ্ত বিশ্ৰামৰ বাবে।”
ইয়াৰ পিছত কামিন্সে কে কে আৰ ফ্ৰেঞ্চাইজিক ধন্যবাদ জনায় কয়, “মোৰ সিদ্ধান্তক সন্মান কৰাৰ বাবে ধন্যবাদ। এই দলটোত মহান ক্ৰিকেটাৰ আৰু সহায়ক কৰ্মচাৰী আছে।” আই পি এলৰ ১০টা দলে মঙলবাৰে সন্ধিয়া ৫ বজাৰ ভিতৰত কাক ৰখা হ’ব আৰু কাক মুকলি কৰি দিয়া হ’ব সেই বিষয়ে অৱগত কৰিব লাগিব। তাৰ পিছত হʼব মিনি নিলাম। ইতিমধ্যে কামিন্সে নিজৰ সিদ্ধান্ত ঘোষণা কৰে।