টি-২০ বিশ্বকাপৰ T-20 World Cup ফাইনেলত জয়ী হʼবনে পাকিস্তান Pakistan? পিছে খেল আৰম্ভ হোৱাৰ বহু আগতেই পাকিস্তানৰ শিবিৰত আন এক চিন্তা আৰম্ভ হৈছে। সেইটো অৱশ্যে ইংলেণ্ডক লৈ নহয়। সেইটো হৈছে বৰষুণ।
এই বিশ্বকাপত বৰষুণৰ ফলত ইখনৰ পিছত সিখন মেচ কেনেদৰে প্ৰভাৱিত হৈছে সেই লৈ চিন্তিত হৈ পৰিছে আইচিচি ICCI। গতিকে ফাইনেলৰ পূৰ্বে খেলৰ নিয়ম সলনি কৰিলে। খেলাৰ সময় বৃদ্ধি কৰা হৈছে। অৰ্থাৎ ফাইনেলত খেলখন সম্পূৰ্ণ কৰিবলৈ পূৰ্বতকৈ অধিক সময় থাকিব।
ইয়াৰ পূৰ্বে টি-২০ মেচ এখনত মুঠ ৫ ঘণ্টা ১০ মিনিট সময় লাগিছিল। দেওবাৰে অতিৰিক্ত ২ ঘণ্টা সংৰক্ষণ কৰা হৈছে। অৰ্থাৎ খেলখন সম্পূৰ্ণ কৰিবলৈ ৭ ঘণ্টা ১০ মিনিট সময় থাকিব। অষ্ট্ৰেলিয়াৰ বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, দেওবাৰে বৰষুণৰ সম্ভাৱনা ১০০ শতাংশ। মেলবোৰ্ণত বজ্ৰপাতৰ সৈতে প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা। প্ৰায় দিনটো বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
দেওবাৰে ৮ৰ পৰা ২০ মিলিমিটাৰ বৰষুণ পৰিব। মহানগৰীৰ কেইবাটাও পথ বানপানীত বুৰ যাব পাৰে। দুপৰীয়াৰ পিছত বাঢ়িব বৰষুণৰ পৰিমাণ। ইয়াৰ লগতে ধুমুহা বলিব। বতাহৰ গতিবেগ ঘণ্টাত ২৫ৰ পৰা ৩৫ কিলোমিটাৰ হʼব পাৰে। সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা ক্ৰমে ১৬ আৰু ২৬ ডিগ্ৰী চেলছিয়াছ হʼব।
দেওবাৰে মেলৰৰ্ণত Malborne ১.৩০ বজাৰ পৰা আৰম্ভ হʼব ফাইনেল। তাৰ ৩০ মিনিট আগতে অৰ্থাৎ ১ বজাত অধিনায়ক বাটলাৰ আৰু বাবৰে টছ কৰিব। কিন্তু যদি বৰষুণ হয় তেন্তে টছ পলম হʼব। আৰু যদি টছৰ পিছত বৰষুণ দিবলৈ আৰম্ভ কৰে তেন্তে খেল আৰম্ভ হোৱাত পলম হʼব। দুয়োটা দলে ফলাফলৰ বাবে কমেও ১০ অ’ভাৰ খেলিব লাগিব। সাধাৰণতে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ফলাফলৰ বাবে দুটা দলে ৫ অ’ভাৰকৈ বেটিং কৰিব লাগে। বিশ্বকাপৰ বাবে ১০ অ’ভাৰ কৰা হৈছে।
যদিহে বৰষুণৰ বাবে দেওবাৰে ফাইনেল খেলা নহয়, তেন্তে সোমবাৰে অনুষ্ঠিত হʼব ফাইনেল। ইতিমধ্যে আইচিচিয়ে ছেমি ফাইনেল আৰু ফাইনেলৰ বাবে অতিৰিক্ত দিন সংৰক্ষণ কৰিছে। দেওবাৰে যদি কিছু খেল হয় তেন্তে তাৰ পিছত বাকীখিনি সোমবাৰে খেলা হʼব। অৰ্থাৎ খেলখন পুনৰ আৰম্ভ নহʼব। পিছদিনা য’ত ৰৈ যায় তাৰ পৰাই আৰম্ভ হ’ব।
সোমবাৰে মেলবোৰ্ণত আকাশত কʼলা ডাৱৰৰ সৃষ্টি হʼব। অষ্ট্ৰেলিয়াৰ বতৰ বিজ্ঞানীসকলে জনোৱা মতে, ১৪ নৱেম্বৰত বৰষুণৰ সম্ভাৱনা ৯৫ শতাংশ। ৫ৰ পৰা ১০ মিলিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। পুৱা আৰু দুপৰীয়া মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণ। দুপৰীয়া পাতল বৰষুণৰ সম্ভাৱনা আছে। বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে। সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা ক্ৰমে ১৯ আৰু ১৪ ডিগ্ৰী চেলছিয়াছ হʼব।
যদি বৰষুণৰ বাবে ফাইনেল খেলা নহয় তেন্তে আইচিচিৰ নিয়ম অনুসৰি দুয়োটা দলক যৌথ চেম্পিয়ন ঘোষণা কৰা হʼব। বাবৰ বা বাটলাৰ অকলে চেম্পিয়ন নহʼব। আনকি ফাইনেলত উঠিও আধৰুৱা হৈ থাকিব দুয়োটা দলৰে জয়।