![]()
জম্মু-কাশ্মীৰত ভয়ংকৰ পথ দুৰ্ঘটনা। মঙলবাৰে সন্ধিয়া ডোডা জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীভৰ্তি এখন গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই চেনাব নদীত ডুব যায়। গাড়ীখনত থকা চাৰিজন লোকক উদ্ধাৰ কৰিব পৰা হোৱা নাই। গাড়ীখনৰো সন্ধান পোৱা নাই। এতিয়াও অব্যাহত আছে অনুসন্ধান অভিযান।
সন্ধিয়া ৭.৩০ বাজাত চাৰিজন যাত্ৰীসহ ৰাষ্ট্ৰীয় ঘাইপথেৰে বাটোটেৰ পৰা কিষ্টৱাৰলৈ গৈ আছিল এখন গাড়ী। হঠাৎ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। পোনে পোনে গাড়ীখন চেনাব নদীত পৰেগৈ। দুৰ্ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে উক্ত স্থানত উপস্থিত হয় আৰক্ষী। কাশ্মীৰ দুৰ্যোগ সঁহাৰি বাহিনীও উপস্থিত হয়। আৰম্ভ হয় অনুসন্ধান অভিযান।
কিন্তু বহু সময় অনুসন্ধানৰ পিছতো কোনেও গাড়ীখন বা যাত্ৰীকেইজনক বিচাৰি নাপালে। মঙলবাৰে ডোডা জিলাত ডেমোক্ৰেটিক আজাদ পাৰ্টিৰ মুৰব্বী গুলাম নবী আজাদে এক সভা অনুষ্ঠিত কৰে। তাৰ পৰা উভতি অহাৰ পথত তেওঁ দুৰ্ঘটনাটোৰ খবৰ লাভ কৰি উক্ত স্থানত উপস্থিত হয়।
থাথ্ৰি মহকুমাধিপতি অথৰ আমিন জাৰগাৰে জানিবলৈ দিয়া মতে, জে কে এডভেঞ্চাৰছৰ স্থানীয় স্বেচ্ছাসেৱক আৰু ৰাফটাৰৰ সৈতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। কিন্তু গাড়ীখন বা গাড়ীখনত থকা চাৰিজন লোকৰ কোনো সন্ধান এতিয়াও পোৱা হোৱা নাই।
ৰাতিৰ আন্ধাৰত অনুসন্ধান অভিযান চলোৱাটোও কঠিন বুলি তেওঁ কয়। আনহাতে, দিনৰ পোহৰত পুনৰ অনুসন্ধান আৰম্ভ হৈছে। চেনাব নদীৰ পানীৰ সোঁত ইমানেই প্ৰবল আছিল যে যাত্ৰীৰে ভৰ্তি গাড়ীখন উটুৱাই লৈ যায়।











