প্লে ষ্টোৰ নীতিত নিজৰ ক্ষমতা অপব্যৱহাৰ কৰাৰ বাবে ভাৰতীয় প্ৰতিযোগিতা আয়োগে গুগলক ৯৩৬ কোটি টকা জৰিমনা বিহে।
এসপ্তাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে জৰিমনা বিহা হৈছে গুগলৰ ওপৰত। ইয়াৰ উপৰি চিচিআইয়ে প্ৰযুক্তি কোম্পানীটোক নীতিহীনভাৱে ব্যৱসায় বন্ধ কৰিবলৈও নিৰ্দেশ দিছে। মঙলবাৰে কোম্পানীটোক জৰিমনা বিহা হয়। চিচিআইৰ সূত্ৰ অনুসৰি, গুগলে পেমেণ্ট এপৰ প্ৰচাৰৰ বাবে নিজৰ স্থিতিৰ অপব্যৱহাৰ কৰিছে। গুগলেও টুইটাৰত এই শাস্তিৰ কথা ঘোষণা কৰিছে।
ইয়াৰ পূৰ্বে যোৱা সপ্তাহত ২০ অক্টোবৰত চিচিআইয়ে গুগলক ১৩৩৭ কোটি টকা জৰিমনা বিহিছিল। সেই সময়ত গুগলে অনলাইন চাৰ্চ আৰু এণ্ড্ৰইড এপ ষ্টোৰত নিজৰ আধিপত্যৰ সহায় লৈ ক্ৰোম আৰু ইউটিউবৰ দৰে নিজৰ এপসমূহক এক বুষ্ট দিছিল বুলি কোৱা হৈছিল। সেইবাবেই জৰিমনা আৰোপ কৰা হয়। গুগলৰ মতে, এই নিৰ্দেশনাৰ ফলত ভাৰতীয় ব্যৱহাৰকাৰীসকল স্তম্ভিত হʼব।