অৰুণাচল প্ৰদেশৰ টাৱাঙৰ সমীপত ভাৰতীয় সেনাৰ এখন চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। বুধবাৰে পুৱা এই দুৰ্ঘটনাত এজন কপ্টাৰ পাইলটৰ মৃত্যু হয়। বৰ্তমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন এজন চিকিৎসাধীন হৈ আছে।
সেনাৰ সূত্ৰ অনুসৰি, সীমান্ত অঞ্চলত ৰুটিন বিমান চলাচলৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। এই খবৰ লাভ কৰাৰ পিছতে দুয়োজন পাইলটক উদ্ধাৰ কৰি সামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। প্ৰতিৰক্ষা বিভাগৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, এজন লোকৰ মৃত্যু হৈছে।
কিন্তু কি কাৰণত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এই সন্দৰ্ভত কোনো সবিশেষ সেনাই দিয়া নাই।
উল্লেখ্য, জৰুৰীকালীন, দুৰ্যোগ বা যুদ্ধৰ পৰিস্থিতিয়েই হওক, ১৯৬০-৭০ চনৰ পৰা ভাৰতীয় সেনাৰ অস্ত্ৰভাণ্ডাৰত আছে চেটক আৰু চিতা হেলিকপ্টাৰ।
কিন্তু সময়ৰ লগে লগে পৰিস্থিতি আৰু প্ৰযুক্তিও সলনি হʼল। কিন্তু এই দুখন ‘ভিনটেজ’ হেলিকপ্টাৰত সজ্জিত হোৱা নাই শেহতীয়া প্ৰযুক্তি। সেনাই চৰকাৰক ইয়াৰ অৱসৰৰ বাবেও আহ্বান জনায়। ভাৰতীয় নৌসেনা আৰু বায়ুসেনাইও ব্যৱহাৰ কৰে চেটক আৰু চিতা হেলিকপ্টাৰ। বায়ুসেনাৰ মুঠ ১২০টা চেটক আৰু চিতা আছে।