ASSAM TIMES POST
নতুন দিল্লীঃ নৰেন্দ্ৰ মোডী চৰকাৰে শেহতীয়াকৈ পুনৰ গঠন কৰিলে নেহৰু স্মাৰক সংগ্ৰহালয় আৰু পুথিভড়াল সমাজ চমুকৈ এনএমএমএল। ইয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে সমাজৰপৰা অপসাৰণ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গে, জয়ৰাম ৰমেশ আৰু কৰণ সিঙক। এওঁলোকৰ বিপৰীতে সমাজত অন্তৰ্ভুক্ত কৰা হয় টেলিভিচন সাংবাদিক ৰজত শৰ্মা আৰু জনপ্ৰিয় প্ৰসূন যোশীক। শনিবাৰে এই সম্পৰ্কত জাৰি কৰা এক নিৰ্দেশনা অনুসৰি এই সমাজখনৰ নতুন অধ্যক্ষ হয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী। একেদৰে, উপাধ্যক্ষ হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। তদুপৰি সমাজত নতুনকৈ অন্তৰ্ভুক্ত হোৱা সদস্যসমূহৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, নিৰ্মলা সীতাৰমণ, ৰমেশ পোখৰেল, প্ৰকাশ জাভেদকাৰ, ভি মুৰুলীধৰণ, প্ৰহ্লাদ সিং পেটেল আদি।













