ASSAM TIMES POST
ডিফু : মঙলবাৰে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ২৩৫ সংখ্যক অধিবেশনটি পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহিৰ অধ্যক্ষতাত অনুষ্ঠিত হৈ যায় ৷ অধিবেশনটিৰ আৰম্ভনিৰ পৰাই জলসিঞ্চন কেলেংকাৰী, বনবিভাগৰ অবৈধ নিযুক্তি , গ্ৰেটাৰ ৱাটাৰ চাপ্লাই আৰু সংবিধানৰ ষষ্ঠ অনুসূচীৰ অনুচ্ছেদ ২৪৪(ক)ৰ পৰিষদৰ এমএচি সকলে প্ৰশ্ন উত্থাপন কৰি বিভাগীয় ইএম সকলৰ পৰা উত্তৰ বিচাৰে ৷ এমএচি দৰচিং ৰংহাঙে জলসিঞ্চন বিভাগৰ কেলেংকাৰীয়ে সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পোৱাৰ ওপৰত প্ৰশ্ন কৰাত বিভাগীয় ইএম অমৰছিং তিছ’ৱে তথ্য সহকাৰে বিষয়টো খণ্ডন কৰে ৷ তিছ’ৱে সদনক কয় যে জলসিঞ্চন কেলেংকাৰীৰ ওপৰত উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল যদিও উক্ত গোচৰৰ ভিত্তিত ন্যায়ালয়ে উচ্চ স্তৰীয় নিৰপেক্ষীয় তদন্ত সমিতি গঠন কৰি দিছিল যদিও তদন্ত সমিতিৰ প্ৰতিবেদন দিয়াৰ পিছত উচ্চ ন্যায়ালয়ে গোচৰৰ ক্লীণশ্বীট দিয়ে ইয়াৰ পিছত উচ্চতম ন্যায়ালয়লৈ গোচৰটো নিয়া হৈছিল যদিও শীৰ্ষ ন্যায়ালয়েও পৰিষদক ক্লীণ শ্বীট দিছিল বুলিও কয় ৷ আনহাতে পৰিষদৰ বনবিভাগতো কাৰবি পৰিষদৰ অনুমতি নোলোৱাকৈ আৰু কোনোধৰণৰ বিজ্ঞাপন নিদিয়াকৈ ১৫০ টাকৈ অবৈধ নিযুক্তি দিয়াৰ ওপৰতো আলোচনা কৰি অবৈধ নিযুক্তি সমূহ বাতিল কৰি লগতে নতুনকৈ সাক্ষাৎকাৰ অনষ্ঠিত কৰি পুণৰ নিযুক্তি দিব বুলি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় ৷
আনহাতে গ্ৰেটাৰ ৱাটাৰ ছাপ্লাইৰ অভিযোগৰ খণ্ডন কৰি ইএম প্ৰদীপ ৰংপিয়ে কয়যে কেন্দ্ৰীয় চৰকাৰৰ এনএলচিপি আৰ আঁচনিৰ জৰিয়তে পৰিষদে ১০ কোটি টকা লাভ কৰিছে বাকী থকা ১৬ কোটি টকা পালেহে কামখিনি সম্পন্ন হৈ উঠিব৷ লগতে আজিৰ সদনে বেছিভাগ সময় ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ সংবিধান প্ৰদত্ত দীৰ্ঘ দিনীয়া ২৪৪(ক) ৰূপায়ণেৰে স্বায়ত্ত ৰাজ্যৰ প্ৰসংগ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উত্থাপন কৰাত বিষয়টোলৈ সদনত যৰৱ চৰ্চা হয় আৰু শীঘ্ৰে বিষয়টোকলৈ কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰিবলৈ সমৰ্থন জনায় আৰু বিষয়টো ৰাজ্যপাললৈ প্ৰেৰণ কৰাৰ প্ৰস্তাব গ্ৰহণ কৰে ৷ আনহাতে সাংসদ হৰেণছিং বে’ই অধিবেশনত অংশ গ্ৰহণ কৰি বিষয়টো জিলাখনৰ ৫ জনকৈ বিধায়কে বিধান সভাত উপস্থান কৰাৰ লগতে লোক সভাতো বিষয়টো সন্দৰ্ভত উপস্থাপন কৰা হব বুলি মন্তব্য কৰাৰ লগতে এই সন্দৰ্ভত উত্তৰ পূৰ্বাঞ্চলৰ সাংসদ সকলৰ সমৰ্থন বিচাৰিছে বুলি কয় ৷