ছপাশালৰ কৰ্মচাৰীয়ে উন্মোচন কৰিলে তিনিখনকৈ গ্ৰন্থ
ASSAM TIMES POST
নগাঁও: নগাঁও চহৰৰ খুটিকটীয়া স্থিত অজন্তা প্ৰেছত আজি বিয়লি এক ব্যতিক্ৰমী পৰিবেশত অনুষ্ঠিত হয় এখনি গ্ৰন্থ উন্মোচনী অনুষ্ঠান । অজন্তা প্ৰেছৰ কৰ্মকৰ্তা সকলে আজি উন্মোচন কৰে যাত্ৰা গ্ৰন্থমালাৰ পঞ্চম গ্ৰন্থ তথা ক্ৰান্তিকালে প্ৰকাশ কৰা মদাৰজ্যোতিৰ অধিৰূপান্তৰ, বনচাইয়ে প্ৰকাশ কৰা নূপুৰ মোমাইদেউ খ্যাত বিশিষ্ট সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্যৰ স্বপ্ন দুঃস্বপ্নৰ যুগসন্ধিত, কৰবী লিগিৰাৰ ব্যক্তি-সমাজ-প্ৰকৃতি-সংস্কৃতি শীৰ্ষক তিনিখনকৈ গ্ৰন্থ । সদৌ অসম কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়া, প্ৰাক্তন প্ৰধান সম্পাদক পৰাগজ্যোতি মহন্ত, শিশু সাহিত্যিক কাৰুণ্য ভট্টাচাৰ্য, মুনীন্দ্ৰ নাথ, পৱন শৰ্মা, সঞ্জীৱ সাগৰ চৌধুৰী , বেলি ৰাজখোৱা, জোনমণি গগৈ, শান্তা শৰ্মা, ৰূপম নাথ, নীলোৎপল নাথ, ঋষিৰাজ ভৰদ্বাজ, বিশিষ্ট সাংবাদিক চন্দনজ্যোতি বৰা, ৰাহুল দেৱ বৰদলৈ, ৰ’জ ভূঞা, ৰকিবুল ৱাহিদ, মিজু বৰা, আজহাৰ উদ্দিন প্ৰমূখ্যে ব্যক্তি সকলৰ উপস্থিতিত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনৰ আঁত ধৰে কৈলাশ কুমাৰ ৰাজখোৱাই ।













