ASSAM TIMES POST
নগাঁও : ভাৰতৰত্ন ড: ভূপেন হাজৰিকাৰ আজি অষ্টম মৃত্যু দিৱসত নগাঁও চহৰৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মহান শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰে । আজি পুৱা বিদ্যালয়খনৰ অধ্যক্ষ দিলীপ বৰাই সুধাকন্ঠৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণি কৰে। ইয়াৰ পিছতেই বিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰীসকলে সুধাকন্ঠ ড: ভূপেন হাজৰিকাৰ গীত মাত পৰিবেশন কৰি অসম গৌৰৱ মহান শিল্পী গৰাকীক স্মৰণ কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰামানুজন মাধ্যমিক বিদ্যালয়ৰ লগতে ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে । আনহাতে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ মহান কাণ্ডাৰী সুধাকন্ঠ ড: ভূপেন হাজৰিকাৰ আদৰ্শৰে আগবাঢ়ি যাবলৈ অধ্যক্ষ দিলীপ বৰাই ছাত্ৰ ছাত্ৰী সকলক আহ্বান জনায় ।












