ASSAM TIMES POST
নগাঁও: নগাঁও আবকাৰী বিভাগে জিলাখনত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।বিগত কিছুদিন ধৰি জিলাখনৰ বিভিন্ন স্হানত অভিযান চলাই আবকাৰী বিভাগে বুজন পৰিমানৰ অবৈধ সুৰা জব্দ কৰে। আজি নগাঁও চহৰৰ কাষৰীয়া হুজ গাঁৱত নগাঁও আবকাৰী বিভাগে অভিযান চলাই এটা অবৈধ সুৰাৰ ঘাটি জব্দ কৰা লগতে এজন লোকক আটক কৰে।আবকাৰী পৰিদৰ্শক ইমদাদ হুছেইন চৌধুৰী নেতৃত্বত যোৱা আৱকাৰী বিভাগৰ এটা দলে হুজ গাঁৱৰ ৰন্টু দাসৰ বাসগৃহৰ পৰা ৮০ কিলোগ্ৰাম সুৰা বনোৱা পাচৰ লগতে সুৰা বনোৱা যন্ত্ৰ সহ ১৫লিটাৰ দেশীয় সুৰা জব্দ কৰে। আবকাৰী বিভাগে ৰন্টু দাসক আটক কৰে।













