ASSAM TIMES POST
গুৱাহাটীঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা, কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে একনায়কত্ববাদৰ অভিযোগৰে সংগঠনটোৰ কেইবাজনো পদত্যাগী সদস্যই মঙলবাৰে গঠন কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতি (প্ৰগতিশীল) নামৰ আন এটা সংগঠন।

ইয়াৰ লগে লগে দুটা ভাগত বিভক্ত হৈ পৰে সংগঠনটো। এই নতুন সংগঠনটোৰ আহ্বায়ক সমিতিৰ দায়িত্বত আছে বুবুল হাজৰিকা, অপূৰ্ব বৰুৱা, তুলতুল দাস, বিপিন দাস আৰু বিশ্বজিৎ ডেকা। মঙলবাৰে গুৱাহাটীৰ ৰূপনগৰস্থিত মুক্তি যুঁজাৰু ভৱনত আয়োজিত সভাত উক্ত আহ্বায়ক সমিতিখন গঠন কৰা হয়। এক প্ৰেছ বিবৃতিযোগে উল্লেখিত সদস্য কেইজনে কয় যে অহা দুমাহৰ ভিতৰত নতুন সংগঠনটোৰ কেন্দ্ৰীয় আৰু জিলা সমিতি গঠন কৰা হ’ব। পৰৱৰ্তী সময়ত বিশাল গণ অভিৱৰ্তনৰ আয়োজন কৰিব এই নতুন সংগঠনটোৱে।













