ASSAM TIMES POST
গুৱাহাটীঃ ৰাজ্যৰ বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব চৰকাৰে বেচৰকাৰী আৰু স্বেচ্ছাসেৱী সংগঠনসমূহক প্ৰদান কৰাৰ বিৰোধিতা, ইয়াৰ ফলত কৰ্মহীন হৈ পৰা ৰান্ধনী আৰু সহায়িকাসকলক পুনঃসংস্থাপন প্ৰদানৰ দাবী আৰু এনজিঅ’সমূহৰ নিম্ন মানদণ্ডৰ মধ্যাহ্ন ভোজনৰ খাদ্য যোগান শীঘ্ৰেই বন্ধ কৰাৰ দাবীত মঙলবাৰে গুৱাহাটীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছ সমিতিয়ে। যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলামৰ নেতৃত্বত শতাধিক যুৱ কংগ্ৰেছীয়ে কাহিলীপাৰাস্থিত অসম সৰ্বশিক্ষা অভিযানৰ সদৰত উত্তাল পৰিবেশৰ সৃষ্টি কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে থাল, বাতি আৰু হেতা লৈ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দিয়ে। সদৰৰ মুখ্যদ্বাৰেদি প্ৰতিবাদকাৰীসকলে কাৰ্যালয়ত প্ৰৱেশ কৰাৰ চেষ্টা চলাই যদিও আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে। ইয়াকে লৈ হতা-হতিৰ সূত্ৰপাত ঘটাৰ উপৰিও মহিলা প্ৰতিবাদকাৰীক আৰক্ষীয়ে দুঃব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এটা সময়ত প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে আটক কৰে।













