ASSAM TIMES POST
গুৱাহাটীঃ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ অষ্টম মৃত্যু বাৰ্ষিকী উপলক্ষে বাংলাদেশত মঙলবাৰৰপৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ‘মোৰা যাত্ৰী একেই তৰণীৰ’ শীৰ্ষক অনুষ্ঠানৰ। অসম সাহিত্য সভা, ব্যতিক্ৰম মাছড’ আৰু বাংলাদেশ শিল্পকলা একাডেমীৰ যৌথ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত অসমৰপৰা যোৱা শিল্পী, সাহিত্যিক, ৰাজনীতিক, সাংবাদিকৰ এটা বৃহৎ দলে অংশগ্ৰহণ কৰিছে। কাৰ্যসূচী অনুসৰি, মঙলবাৰে সন্ধিয়া একাডেমীৰ নেশ্যনেল মিউজিক এণ্ড ড্যান্স চেন্টাৰত ভাৰত আৰু বাংলাদেশৰ শিল্পীয়ে এক সাংস্কৃতিক কাৰ্যসূচী উপস্থাপন কৰিব। বুধবাৰে সন্ধিয়া একাডেমীৰ নেশ্যনেল থিয়েটাৰ হলত আলোচনা, গান, নৃত্য আৰু নাট প্ৰদৰ্শন কৰা হ’ব। অন্তিম দিনাও একাডেমীৰ নেশ্যনেল থিয়েটাৰ হলতে ‘কমলা কুঁৱৰীৰ সাধু’ শীৰ্ষক নাটখনি মঞ্চস্থ কৰা হ’ব। উল্লেখ্য, এই নাটখনিৰ ৰচনা, প্ৰযোজনা আৰু পৰিচালনা অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীৰ। উল্লেখ্য যে জীৱনকালত সুধাকণ্ঠই ভাৰত-বাংলাদেশৰ সমন্বয়ৰ অৰ্থে কেইবাটাও গীত গাইছিল বাংলা ভাষাতে।