![]()
নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিল বাছ। জম্মু-কাশ্মীৰৰ পুঁচ জিলাত এখন বাছ খাৱৈত বাগৰি পৰাত কমেও ৭ জন লোকৰ মৃত্যু হয়। আহত ৮ জন লোক। সূত্ৰ অনুসৰি, যাত্ৰী কঢ়িয়াই নিয়া বাছখন মন্দিৰ পৰা উভতি আহি আছিল।
ইয়াৰ পিছতে ঘটে এই দুৰ্ঘটনাটো। দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হয় সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষী আৰু সেনাই সক্ৰিয়ভাৱে উদ্ধাৰ অভিযান চলাই আছে। স্থানীয় লোকো জড়িত হৈছে উদ্ধাৰকাৰ্যত। কেইবাজনো লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।











