ASSAM TIMES POST
বোকাখাতঃ যোৱা ১ নৱেম্বৰ তাৰিখে বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ উদ্যোগত এখনি অভিভাৱক সভা অনুষ্ঠিত হৈ যায়। সভাখনিৰ আঁট ধৰে বিভাগীয় মুৰব্বী অধ্যাপিকা শান্তিছায়া বৰুৱাই। সভাত আদৰণী ভাষণ প্ৰদান কৰে জ্যেষ্ঠ অধ্যাপিকা ড° নন্দিতা কাকতিয়ে। সভাত অভিভাৱক সকলৰ লগতে বিভাগীয় শিক্ষকদ্বয় ক্ৰমে নগেন্দ্ৰ নাথ নায়ক আৰু প্ৰশান্ত শইকীয়াই বক্তব্য ৰাখে। অভিভাৱক সকলৰে সৈতে মত বিনিময় কাৰ্যসূচীত তেওঁলোকে বহুমূলীয়া পৰামৰ্শ আগবঢ়ায়। অভিভাৱক সভাতে কাজিৰঙাৰ উদীয়মান যুৱক চন্দন নাথক ৰাজনীতি বিজ্ঞান বিভাগে বাঁহৰ চুঙাত পানীৰ ব্যৱস্থাৰ প্ৰকল্পৰ বাবে সম্বৰ্দ্ধনা জনায়। উল্লেখ্য যে চন্দন নাথ মহাবিদ্যালয়খনৰ ৰাজনীতি বিভাগৰ ‘মানৱ অধিকাৰ’ পাঠ্যক্ৰমৰ প্ৰথম চাম শিক্ষাৰ্থীৰ এগৰাকী আছিল। পৰিৱেশ সংৰক্ষণৰ জ্ঞান আহৰণ কৰি বিষয়টোত নিজকে নিয়োজিত কৰি তোলাৰ লগতে সমাজলৈ আগবঢ়োৱা পৰিৱেশ সংৰক্ষণ বিষয়ক বৰঙণিৰ বাবে চন্দন নাথলৈ সভাত ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱা হয়।













