ASSAM TIMES POST
বোকাখাতঃ বোকাখাতৰ সামাজিক সাংস্কৃতিক আৰু ক্ৰীড়াৰ মহিলা অনুষ্ঠান ‘উদ্দীপনা সংঘ’ৰ উদ্যোগত যোৱা ২৬ অক্টোবৰত বোকাখাত শংকৰদেৱ শিশু বিদ্যা নিকেতন প্ৰেক্ষাগৃহত গোলাঘাট জিলা ভিত্তিক মহিলাৰ পঞ্চদশ বাৰ্ষিক দিহানাম আৰু কীৰ্ত্তন পাঠ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। প্ৰতিযোগিতা উদ্বোধন কৰে কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী তথা সাংস্কৃতিককৰ্মী ৰেখাৰাণী শৰ্মাই। অনুষ্ঠানৰ আৰম্ভণিতে উদ্দীপনা সংঘৰ পতাকা উত্তোলন কৰে সংঘৰ সভানেত্ৰী মঞ্জু পানিকাই, মঞ্চ উদ্বোধন কৰে বোকাখাতৰ কলাখোৱা নামঘৰৰ সৰলা কলিতাৰ দিহানামৰ দলটিয়ে। প্ৰতিকুল বতৰকো নেওচি মুঠ ১৪ টি দিহানামৰ দল আৰু ১২ গৰাকী কীৰ্তন পাঠ প্ৰতিযোগীয়ে প্ৰতিযোগিতাত যোগদান কৰে। প্ৰতিযোগিতাখনিত দিহানামত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে ডেৰগাঁৱৰ একাদশ অসম আৰক্ষী বাহিনী দল, গোলাঘাটৰ সম্প্ৰীতি দিহানামৰ দল আৰু গোলাঘাটৰে ৰাধাকৃষ্ণ দিহানামৰ দলে।

শ্ৰেষ্ঠা নামতীৰ সন্মান লাভ কৰে প্ৰথম আৰু দ্বিতীয় স্থানত ক্ৰমে গোলাঘাটৰ ৰাধাকৃষ্ণ দিহানামৰ দলৰ ৰশ্মি বৰা আৰু কমাৰবন্ধাৰ অৰুণজ্যোতি দিহানামৰ দলৰ বিভা বৰাই, শ্ৰেষ্ঠ নেগেৰা বাদকৰ প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে ক্ৰমে কমাৰবন্ধাৰ অৰুণজ্যোতি দিহানামৰ দলৰ ধ্ৰুৱজ্যোতি বৰা আৰু বাদুলীপাৰৰ ৰাংঢালী দিহানামৰ দলৰ দাদুল বৰাই। কীৰ্তন পাঠ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে মৰঙীৰ আন্তৰিকা ফুকন, গোলাঘাটৰ মন্দিতা নেওগ আৰু বোকাখাতৰ ইন্দিৰা বৰাই। প্ৰতিযোগিতালৈ অহা সমূহ প্ৰতিযোগী তথা দৰ্শক শুভাকাংক্ষী সকললৈ আদৰণী আৰু ধন্যবাদ জনায় উদ্দীপনা সংঘৰ সম্পাদিকা অনুৰাধা কলিতাই। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় অঞ্জনাপ্ৰভা গগৈয়ে।













