- শিল্পী ৰঞ্জন বেজবৰুৱাৰ কণ্ঠত সংস্কৃত শ্ৰৱ্য চিডি ‘আনন্দিনী’ উন্মোচন
ASSAM TIMES POST
নগাঁওঃ সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ কাইলৈ অষ্টম স্মৃতি দিৱসত ‘আনন্দিনী’ নামেৰে এটি নতুন শ্ৰব্য চিডি উন্মোচনেৰে সংস্কৃত ভাষাত চিৰসেউজ ভাৰতীয় গীত গাই জনপ্রিয় হৈ পৰা শিল্পী ৰঞ্জন বেজবৰুৱাই সুধাকন্ঠক শ্ৰদ্ধাঞ্জলি জ্ঞাপনু কৰিব। উল্লেখ্য, ডঃ ভূপেন হাজৰিকাই যি বিশ্ব-সংগীতৰ পোষকতা কৰিছিল, সেই বাটতে এখোজ দিয়াৰ প্ৰয়াস কৰি ৰঞ্জন বেজবৰুৱাই আন্তৰ্জাতিক মানৰ ধ্ৰুপদী ভাষা সংস্কৃতত নিৱেদন কৰিছে- দেশপ্ৰেম আৰু আধ্যাত্মিকভাৱৰ বাৰটি নিৰ্বাচিত সংস্কৃত গীতেৰে ‘আনন্দিনী’।
এই শ্ৰব্য চিডিখনত সন্নিবিষ্ট হোৱা গীতসমূহ হৈছে- সংস্কৃত অনুবাদত পঞ্চদশ শতিকাৰ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত ‘জয় জয় যাদৱ’ আৰু গুজৰাটীএম ভজন- নৰসিংহ মেহতাৰআৰু বৈষ্ণৱ জন তো; মীৰা বাঈৰ ভজন ‘পায়ো জী মেইনে’; প্ৰতিমা পাণ্ডেৰ কণ্ঠৰ অসমীয়া লোকগীত ‘একবাৰ হৰি বল মন’; মহম্মদ ইকবালৰ ‘চাৰে জাহাঁ চে অচ্ছা’; ভূপেন হাজৰিকাৰ ‘মহাবাহু ব্ৰহ্মপুত্ৰ’, ‘কত জোৱানৰ মৃত্যু হ’ল; এ আৰু ৰহমানৰ ‘ভাৰত হমকো জান চে প্যাৰা হ্যে’, ‘দিল হ্যে চোটা চা’ তথা অসম আৰু বাংলাদেশৰ জাতীয় সংগীত ক্ৰমে- লক্ষ্মীনাথ বেজবৰুৱাৰ ‘অ’ মোৰ আপোনাৰ দেশ’ আৰু ৰবীন্দ্ৰনাথ বিৰচিত- ‘আমাৰ সোণাৰ বাংলা’ তথা শিল্পী বেজবৰুৱাৰ স্বৰচিত ‘ জবা-কুসুমসংকাশম্ ।

ইতিমধ্যে শিল্পী বেজবৰুৱাই সহশিল্পী প্ৰণতি বৰুৱা, কৃষ্ণা দাস বৰা, ঋতুৰাণী মৌচুমী আৰু কানুৰ কণ্ঠত সংগীত পৰিচালকদ্বয় প্ৰাঞ্জল বৰা আৰু অভিষেক ধৰৰ তত্ত্বাৱধানত এই বাৰটি ভিন্নসুৰী গীতেৰে ‘আনন্দিনী’ৰ এটি চানেকিৰূপ (প্ৰ’ম’) চ’চিয়েল মিডিয়া তথা শিল্পী বেজবৰুৱাৰ গৃহ চহৰৰ নগাঁও প্ৰেছ ক্লাৱত মুক্তি দিব ।
শ্ৰোতা ৰাইজে চূড়ান্তৰূপত শুনিব পৰাকৈ উপলব্ধ হ’ব আগন্তুক নৱবৰ্ষৰ প্ৰাক্ ক্ষণত। বেনাৰচ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা সিদ্ধিদাত্ৰী ভৰদ্বাজ আৰু উদীয়মান সংস্কৃতজ্ঞ গীতিকাৰ আলোক কুমাৰ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক নাৰায়ণ দত্ত মিশ্ৰ তথা শিল্পী বেজবৰুৱাৰ নিজা অনুবাদ আৰু মৌলিক ৰচনাৰে সমৃদ্ধ এই শ্ৰৱ্য এলবামৰ কেইবাটাও গীত ইতিমধ্যে ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত বিভিন্ন সময়ত সম্প্ৰচাৰিত হৈ গৈছে। তাৰ ভিতৰত আকাশবাণী গুৱাহাটী আৰু ৰাঁচী, ডিডি নিউজ, জি-নিউজ আদিয়েই প্ৰধান।
শিল্পী ৰঞ্জন বেজবৰুৱাই বিগত ডেৰশ বছৰীয়া জন্মদিনত গান্ধীজীক শ্ৰদ্ধা জনাবৰ বাবে যিদৰে বাপুৰ প্ৰিয় ভজন অথৱা ‘অ’ মোৰ আপোনাৰ দেশ’ সংস্কৃত ভাষাত গাইছে, তেনেকৈয়ে সংস্কৃত তৰ্জমা কৰি গাইছে ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশৰ জাতীয় সংগীতটিও। উল্লেখ্য , দীৰ্ঘ দিন ধৰি ৰঞ্জন বেজবৰুৱাই ভাৰতীয় সুগম সংগীতক সংস্কৃতৰ মাধ্যমেৰে আৰু সংস্কৃত ভাষাক ভাৰতীয় সংগীতৰ মাধ্যমেৰে নৱৰূপত জনপ্ৰিয় কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে, যাৰ দ্বাৰা দেশীয় ভাষা আৰু কৃষ্টি উভয়েই সমৃদ্ধ হৈছে।
ৰাষ্ট্ৰীয় চেনেল ‘ডি ডি নিউজ’ যোগে প্ৰচাৰিত ৰঞ্জন বেজবৰুৱাৰ কণ্ঠৰ দেশপ্ৰেমমূলক গীত ইকবালৰ ‘চাৰে জাঁহা চে অচ্ছা’, কবি ৰবীন্দ্ৰনাথৰ ‘একলা চলো ৰে’, এ আৰ ৰহমানৰ ‘ভাৰত হমকো’, ডঃ ভূপেন হাজৰিকাৰ ‘গংগা’ আৰু গুজৰাটী ভজন ‘বৈষ্ণৱ জন তো’ৰ সংস্কৃত ৰূপান্তৰ আজি দেশৰ অন্যতম জনপ্ৰিয় সংস্কৃত গীত বুলি বিৱেচিত হৈছে ।













