ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ বোকাখাত মহকুমাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কামকাজৰ অগ্রগতিৰ বিষয়ে সবিশেষ আলােচনা কৰিবৰ বাবে আজি মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত এখন মহকুমা উন্নয়নী সভা অনুষ্ঠিত কৰা হয়। অসম চৰকাৰৰ কৃষি, পশু-পালন, নগৰ উন্নয়ন আৰু খাদ্য সংশাধন বিভাগৰ মন্ত্রী তথা বোকাখাত মহকুমাৰ বিধায়ক অতুল বৰা উপস্থিতিত আয়োজিত এই উন্নয়নী সভাযত কৃষি, পশুপালন, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, গড়কাপ্তানী পথ তথা গৃহ, জলসিঞ্চন, হস্ততাঁত-বস্ত্র শিল্পকে আদি কৰি বিভিন্ন বিভাগৰ বিগত তিনি বছৰত হোৱা উন্নয়নমূলক কামকাজৰ খতিয়ান লোৱা হয়।

কৃষি মন্ত্রী অতুল বৰাই মহকুমা কৃষি বিভাগক বিভাগীয় আচঁনি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে কোনাে হিতাধিকাৰীয়েই যাতে কৃষি বিভাগৰ আঁচনিসমূহৰ সুফল লাভৰ পৰা বঞ্চিত নহয় লগতে উপযুক্ত হিতাধিকাৰী নির্বাচিত হয় তাৰ প্রতি বিশেষ দৃষ্টি ৰাখিবলৈও আহ্বান জনায়। সভাত মন্ত্রীগৰাকীয়ে গড়কাপ্তানী পথ সংমণ্ডল বিভাগক সমষ্টিটোৰ সকলােবােৰ বাট পথ আৰু দলঙৰ নির্মাণ তথা মেৰামতিৰ কাম অনতি পলমে সম্পূর্ণ কৰিবলৈ নির্দেশনা দিয়ে।
ইয়াৰ লগতে মন্ত্রীগৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগক মহকুমাটোত বিকল হৈ থকা খােৱা পানী যােগানৰ আৰ্চনিসমূহৰ মেৰামতিৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়াৰ লগতে উপস্থিত অন্যান্য উন্নয়ন বিভাগৰ বিষয়া সংকলক মহকুমাটোৰ সর্বাংগীন উন্নয়নৰ বাবে নিষ্ঠা আৰু সততাৰে চৰকাৰী আৰ্চনিসমূহৰ সফল ৰূপায়নত মনােনিবেশ কৰিবলৈকো পৰামর্শ দিয়ে। আজিৰ এই সভাত জিলা উপায়ুক্ত ধীৰেন হাজৰিকা, মহকুমাধিপতি বিবেক শ্যাম, বোকাখাত পৌৰসভাৰ পৌৰপতি চিত্ৰা কাৰ্দং, ৰাজহ চক্র বিষয়া খনিন্দ্র দাস, নির্বাচনী বিষয়া নীতিশা বৰা, সহকাৰী আয়ুক্ত ৰণনময় ভৰদ্বাজৰ লগতে বিভিন্ন বিভাগৰ মূৰব্বী বিষয়া সকল উপস্থিত থাকে।













