ASSAM TIMES POST
ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা থানা অন্তৰ্গত ধুলাপাডুং চাহ বাগিচাৰ ৪ নং শ্ৰমিক লাইনৰ এঘৰ শ্ৰমিকৰ ঘৰত কালি নিশা ১২ বজাত ঘৰুৱা মাৰপিটৰ সময়ত স্থানীয় যুবক এজনে পৰিয়ালৰ সদস্যক ৰক্ষা কৰিবলৈ নিজৰ প্ৰাণ দিব লগীয়া হয়।
আৰক্ষী সুত্ৰে জানিব পৰা মতে উক্ত শ্ৰমিক লাইনৰ নিবাসী চমৰা মুন্ডা(৫০)নিজৰ পৰিয়ালৰ সদস্যৰ সৈতে ঘৰুৱা কন্দল আৰু মাৰপিটৰ সূত্ৰপাত ঘটাত স্থানীয় যুৱক চাগৰ বাউৰি(২২) পৰিয়াল টিৰ সদস্যক ৰক্ষা কৰিবলৈ যোৱা সময়ত চমৰা মুণ্ডাৰ খৰিৰ টুকুৰাৰ আঘাতত ঘটনাস্থলীতে মৃত্যু হয়।
ততাতৈয়াকৈ স্থানীয় লোকে ৰঙাপৰা আৰক্ষীক খবৰ দিয়াত ৰঙাপৰা আৰক্ষী থানাৰ ভাৰপাপ্ত বিষয়া দিলিপ বৰাৰ নৃত্বতত এটি আৰক্ষীৰ দল ঘটনা স্থলীত অভিযুক্তক আটক কৰি থানালৈ লৈ আনে। ইপিনে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ অধীনত ৩০২ ধাৰাত গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰাখিছে। আনহাতে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। যুৱক গৰাকীৰ আকস্মিক মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।













