ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ শ্ৰেষ্ঠ বঁটাপ্ৰাপক শাখা বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ স্থায়ী কৰ্যালয়ত শাখাৰ সভানেত্ৰী পুতলী খাউণ্ডৰ সভাপতিত্বত যোৱা ২ নৱেম্বৰত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠা দিৱস আৰু বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ জন্মদাত্ৰী অন্নদা শইকীয়াৰ ৮৭ সংখ্যক জন্ম দিৱস পালন কৰা হয়। সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বোকাখাত পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কল্পনা চেতিয়া আৰু বিশিষ্ট কবি লেখক সমাজকৰ্মী মিনতি দলেই আৰু সমবেত সকলোৱে এটি ঘোষা পৰিবেশন কৰে।
সভাৰ আঁত ধৰে সন্ধানীৰ সম্পাদিকা চন্দ্ৰপ্ৰভা শইকীয়া ডেকা আৰুশান্তি দত্ত বৰদলৈয়ে। নিজৰ ভাষণত সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই লেখিকা সমাৰোহ সমিতিৰ বিষয়ে সবিশেষ বিবৰি কৈ অসমৰ সাহিত্য আৰু সংস্কৃতিলৈ লেখিকা সমাৰোহ সমিতিৰ ভূমিকাক ভূয়সী প্ৰশংসা কৰে। অসম বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষ বলোভদ্ৰ তামুলীয়ে লেখিকা সমাৰোহ সমিতিৰ পদক্ষেপৰ শলাগ লয় আৰু বহু পুৰণি স্মৃতিৰে বক্তব্য আগবঢ়াই নষ্টালজিক হৈ পৰে।
সভাত বিশিষ্ট লেখিকা সুখ দত্ত শইকীয়া, বৰ্তমানৰ সম্পাদিকা চন্দ্ৰপ্ৰভা শইকীয়া ডেকা, বোকাখাত পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কল্পনা চেতিয়া, সাহিত্যিক পেঞ্চনাৰ পদুমী গাজলু, বিশিষ্ট লেখিকা কবি সমাজকৰ্মী মিনতি দলে, বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতা, কবি মৃদুস্মিতা শৰ্মাৰ লগতে হিৰণ বৰা, কুঞ্জলতা দাস, মুন কলিতা ফুকন, নিজৰা দত্ত, আৰতি শইকীয়া, ৰীণা শইকীয়া, কৌশল্যা দত্ত, ৰেখা বৰা আদি স্বনামধন্য মহিলাসকল উপস্থিত থাকি গীত, কবিতা, কথাৰে সকলোকে মুগ্ধ কৰে।
সভাতে বোকেশ্বৰী বৰাই বৰগীত পৰিৱেশন কৰি সকলোকে আপ্লুট কৰি তোলাৰ লগতে অন্নদা শইকীয়াই উপদেশমূলক বক্তব্যৰে সকলোকে অনুপ্ৰাণিত কৰে। অন্নদা শইকীয়াল জন্মদিনৰ কেক কাটি বিশিষ্ট লেখিকা গৰাকীলৈ শুভেচ্ছা জনাই মাংগলিক ধ্বনিৰে উপস্থিত সমূহ সদস্যাই তেখেতৰ দীৰ্ঘ জীৱন আৰু সু স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰে। সদৌশেষত সকলোলৈ ধন্যবাদ জ্ঞাপন কৰি শলাগৰ শৰাই আগবঢ়ায় সম্পাদিকা চন্দ্ৰপ্ৰভা শইকীয়া ডেকাই।













