ASSAM TIMES POST
জীতেন বৰকটকী, নগাঁওঃ ৰাজ্যৰ বিভিন্ন স্থানত বন্যহস্তী আৰু মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছেগৈ। বন্যহস্তীৰ আক্ৰমণত ইতিমধ্যে বহু কেইজন লোকে প্ৰাণ হেৰুৱাৰ লগতে বন্যহস্তীয়ে মানুহৰ ঘৰ দুৱাৰ ভাঙি শস্য আদিৰো বিস্তৰ ক্ষতি সাধন কৰি আহিছে । মুলতঃ বন্যপ্ৰাণীৰ বিচৰন ভূমি সংকুচিত হৈ অহাৰ লগতে বনাঞ্চলত অভাৱ ঘটিছে বন্যহস্তীৰ খাদ্য।
সেয়ে খাদ্যৰ সন্ধানত বনাঞ্চল আৰু পাহাৰৰ পৰা সময়ে সময়ে জনাঞ্চলত প্ৰবেশ কৰে বন্যহস্তীৰ জাকে। বন্যহস্তীৰ জাকক খাদ্যৰ ব্যৱস্থা কৰি এক নির্দিষ্ট এলেকাত বন্যহস্তীক আৱদ্ধ কৰি ৰখাৰ এক কৌশল উদ্ভাৱন কৰিছে ‘হাতীবন্ধু’ নামৰ এক প্ৰকৃতিপ্ৰেমী সংগঠনে। নগাঁও জিলাৰ চাপানালাৰ নিকটৱৰ্তী নগাঁও-কাৰ্বিআংলং জিলাৰ সীমান্তৱর্তী হাতীখলি-ৰংহাং গাঁৱৰ পথাৰত ‘হাতীবন্ধু’ নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনৰ উদ্যোগত বিনোদ দুলু বৰাৰ নেতৃত্বত স্থানীয় ৰাইজে বন্যহস্তীৰ বাবে ২০০ বিঘা মাটিত ধান খেতি কৰে।
যোৱা নিশা খাদ্য বিচাৰি উক্ত ধান খেতিডৰাত প্ৰবেশ কৰিলে এজাক বন্যহস্তীয়ে।চাপানালাৰ বালিজুৰি-কাজিৰঙা আদি গাঁৱৰ দৰে ৰংহাং গাঁৱত কিন্তু উপদ্ৰৱ সৃষ্টি নকৰিলে বন্যহস্তীৰ জাকটোৱে। বিগত চাৰিদিন ধৰি জাকটো কাৰ্বি পাহাৰৰ দাঁতিতে লাগি থকা ৰংহাং গাঁৱত প্ৰৱেশ নকৰি খেতিডৰাত ধান খায়েই পুনৰ পুৱা হাতীৰ জাকটো পাহাৰলৈ উভতি যোৱাৰ লগতে কোনো উপদ্ৰৱৰ সৃষ্টি নকৰিলে গাঁওখনত। বৃহস্পতিবাৰে নিশাও বন বিভাগৰ উপস্থিতিত বিনোদ দুলু বৰাসহ গাঁওখনৰ ৰাইজে অধীৰ অপক্ষাৰে বাট চাই ৰোৱা অতিথি বন্যহস্তীৰ জাকটোক পথাৰখনত প্ৰত্যক্ষ কৰি খাদ্যগ্ৰহণৰ নান্দনিক দৃশ্যটো দেখা পাই আনন্দত উৎফুল্লিত হৈ পৰে ৰংহাংবাসী।
উল্লেখযোগ্য যে, “হাতীবন্ধু”ৰ উদ্যোগত প্ৰায় ২০০ বিঘা মাটিত হাতীৰ বাবে ধানখেতি কৰি বন্যহস্তীৰ জাকক অতি কমেও ২০ দিন পৰ্যন্ত নামনিলৈ নামি যোৱাৰ সুবিধা নিদি কৃষক ৰাইজক নূন্যতম সকাহ দিয়াৰ পৰিকল্পনা কৰিছিল বিনোদ দুলু বৰাই। ৰংহাং গাঁৱৰ ৰাইজৰ দৰে যদি নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী অঞ্চলসমূহতো বনৰীয়া হাতীৰ বাবে সামূহিকভাৱে কৃষিকাৰ্য্য কৰা যায় তেন্তে নিশ্চয় কৃষকে ধান নকটা পৰ্যন্ত বন্যহস্তীৰ জাকে নামনিৰ খেতিপথাৰ তহিলং নকৰিব আৰু লগতে হস্তী-মানুহৰ সংঘাতো নিৰ্মূল কৰাৰ ক্ষেত্ৰতো এক অন্যতম ফলপ্ৰসু কৌশল হব বুলি আশাবাদী এই বছৰৰ “মুখ্যমন্ত্ৰী সামূহিক কৰ্ম বঁটা” প্ৰাপক বিনোদ দুলু বৰা। তেওঁৰ এই প্ৰচেষ্টাক ৰাইজে শলাগ লৈছে৷













