ASSAM TIMES POST
গুৱাহাটীঃ ৰাজ্যৰ বিত্ত, গড়কাপ্তানি, স্বাস্থ্য মন্ত্ৰী তথা উত্তৰ পূব গণতান্ত্ৰিক মৰ্চাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নৱতম গ্ৰন্থ ‘ভিন্ন সময় অভিন্ন মত’ দেওবাৰে উন্মোচন কৰা হয়।
গুৱাহাটীৰ দিছপুৰ লাষ্টগেটস্থিত গড়কাপ্তানি বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰথম মহলাৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত গ্ৰন্থখনি উন্মাচন কৰে বিশিষ্ট শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰী আৰু বিশিষ্ট ঔপন্যাসিক আৰু সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে।
গ্ৰন্থ উন্মোচনী সভাখনত বিশিষ্ট অতিথি হিচাপে শিক্ষাবিদ ডঃ মালিনী গোস্বামী উপস্থিত থকাৰ সমান্তৰালভাৱে মুখ্য অতিথি হিচাপে ভাগ লয় অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই।
অনুষ্ঠানৰ আৰম্ভণিতে গীত পৰিৱেশন কৰে বিশিষ্ট শিল্পী পুলক বেনাৰ্জীয়ে। উল্লেখযোগ্য যে এই গ্ৰন্থখনি ডঃ শৰ্মাৰ তৃতীয়খন গ্ৰন্থ। সৰস্বতী প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছ লিমিটেডে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনি সম্পৰ্কত ডঃ শৰ্মাই উক্ত সভাতে ইয়াৰ আঁৰৰ কথাসমূহ থূল-মূলকৈ ব্যক্ত কৰে।













