আজি ৰঙিয়াৰ বঢ়মপুৰ হাটবজালীত চলা আৰক্ষীৰ এক সক্ৰিয় অভিযানত আটক হয় ড্ৰাগছ সৰবৰাহী তথা বঢ়মপুৰ হাটবজালী আৰু বৰকুকুৰীয়াৰ গাঁওবুঢ়া ধৰেশ্বৰ কলিতা ওৰফে ধন। লগতে, অভিযুক্তৰ বাসগৃহৰ পৰা জব্দ কৰা হয় ১ কেজি আফিং।
মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চলোৱা হৈছিল এই অভিযানত। অৱশ্যে গাঁওবাসীয়ে উক্ত গাঁওবুঢ়া ড্ৰাগছ সৰবৰাহত জড়িত নাই বুলি দাবী কৰি ৰঙিয়া থানাত ভিৰ কৰাৰ লগতে স্থানীয় বিধায়ক ভৱেশ কলিতাক এই সম্পৰ্কত অৱগত কৰে। বিধায়ক গৰাকীয়েও আদালত এই বিষয়টোৰ সত্য প্ৰতিপন্ন হ’ব বুলি মন্তব্য প্ৰদান কৰে।
আনহাতে, আজি ৰূপহীহাটত ৰূপহীহাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত গুনাবাৰীত জব্দ হয় ৪ টা চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ ৰ লগতে তেলিয়াচাপৰিৰ ইক্ৰামুল হক নামৰ এজন সৰবৰাহকাৰী৷ জব্দকৃত ড্ৰাগছ খিনিৰ ওজন ৫৩ গ্ৰাম। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ইক্ৰামুল হকক জেৰা অব্যাহত ৰাখিছে ৷