ASSAM TIMES POST
গুৱাহাটীঃ চৰকাৰে ৰাজ্যৰ বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব বেচৰকাৰী আৰু স্বেচ্ছাসেৱী সংগঠনসমূহক প্ৰদান কৰাৰ বিৰোধিতাৰে সদৌ অসম উচ্চ আৰু প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকা সন্থাই এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। সেই অনুসৰি, ৯ আৰু ১০ নৱেম্বৰত ৰাজ্যৰ মাজেদি পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথসমূহত অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিব তেওঁলোকে। উক্ত দুটা দিনত পুৱা ৮ বজাৰপৰা দিনৰ ১ বজালৈ ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে ১১ নৱেম্বৰত ৰাজ্যৰ সকলো ৰে’লপথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰিব। একেদৰে, ১২ নৱেম্বৰত শিক্ষামন্ত্ৰীৰ গুৱাহাটীস্থিত বাসভৱনৰ সন্মুখত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিব। তাৰ পিছত, ১৩ নৱেম্বৰৰপৰা জনতা ভৱনৰ সন্মুখত আমৰণ অনশনত বহিব ৰান্ধনী আৰু সহায়িকাসকল। উল্লেখ্য যে যোৱা ১ নৱেম্বৰৰপৰা বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন এনজিঅ’সমূহে যোগান ধৰি আহিছে।













