ASSAM TIMES POST
গুৱাহাটীঃ পহিলা নৱেম্বৰৰপৰা ৰাজ্যৰ বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনৰ দায়িত্ব প্ৰদান কৰা হৈছে ১৫ টা বেচৰকাৰী সংস্থা আৰু স্বেচ্ছাসেৱী সংগঠনক। উল্লেখযোগ্য যে এই সংস্থাসমূহে শুকুৰবাৰে বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন আৰম্ভ কৰাৰ লগে-লগে ৰাজ্যজুৰি প্ৰতিবাদ হয়। মূলতঃ নিম্ন মানদণ্ডৰ খাদ্য কণ-কণ ছাত্ৰ-ছাত্ৰীসকলক এই সংস্থাসমূহে যোগান ধৰিছে বুলি সৰ্বস্তৰৰ লোকে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এই সংস্থাসমূহৰ কাম-কাজবোৰ নিৰীক্ষণ কৰাটো জৰুৰী হৈ পৰিছে বুলি সচেতন লোকসকলে মতপ্ৰকাশ কৰিছে। বহুতেই এই সংস্থাসমূহৰ পৰিচয় বিচাৰি হাবাথুৰি খাই থকাৰ সময়তে কোনখন জিলাত কোনটো সংস্থাই মধ্যাহ্ন ভোজন যোগান ধৰিছে, সেই তালিকা সংবাদ মাধ্যমৰ হাতত আহি পৰিছে। তলত সেই সংস্থাসমূহৰ নাম আৰু কোন কোন জিলাত তেওঁলোকে মধ্যাহ্ন ভোজন যোগান ধৰিছে, সেয়া তলত উল্লেখ কৰা হ’লঃ
একতা শক্তি ফাউণ্ডেশ্যনঃ বঙাইগাঁও, ধুবুৰী, মৰিগাঁও
ঘনশ্যাম সেৱা সমিতিঃ ধেমাজি, শিৱসাগৰ, তিনিচুকীয়া
এনএভি প্ৰয়াসঃ বৰপেটা, গোৱালপাৰা, নলবাৰী
চেন্টাৰ ফৰ নেশ্যনেল ডেভলপমেন্ট ইনিচিয়েটিভঃ হাইলাকান্দি, কৰিমগঞ্জ
মুন লাইটঃ হোজাই, নগাঁও
চাঘন ক্ষেত্ৰ বিকাশ সমিতিঃ চিৰাং, কোকৰাঝাৰ
পৰশ এগ্ৰ’ চছাইটিঃ লক্ষিমপুৰ, ওদালগুৰি
অন্ন ছ’চিয়েল চাৰ্ভিছ অৰ্গেনাইজেশ্যনঃ দৰং, শোণিতপুৰ
মাইক্ৰ’ এডুকেশ্যন এণ্ড ছ’চিয়েল ৱেলফেয়াৰ চছাইটিঃ চৰাইদেউ, মাজুলী
দয়াৱতী এডুকেশ্যন এণ্ড চেৰিটেবল চছাইটিঃ গোলাঘাট, কাৰ্বি আংলং
দ্য পিপুল ৱেলফেয়াৰ চছাইটিঃ ডিব্ৰুগড়
কেৰিয়াৰ এডুকেশ্যন চছাইটিঃ দক্ষিণ শালমৰা, মানকাচৰ
কেঞ্চাৰ এইড এণ্ড ৰিচাৰ্চ ফাউণ্ডেশ্যনঃ বিশ্বনাথ
আকৃতিঃ কাছাৰ
পিপুল এক্সন টুৱাৰ্ডছ হিউমেনিটিঃ বাক্সা
এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ধেমাজি, শিৱসাগৰ আৰু তিনিচুকীয়াত মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব লাভ কৰা ঘনশ্যাম সেৱা সমিতিৰ বিৰুদ্ধে পূৰ্বে অন্য ৰাজ্যত মধ্যাহ্ন ভোজন যোগানৰ নামত গাফিলতিৰ অভিযোগ আছে।