ASSAM TIMES POST
গুৱাহাটীঃ ৰাস্তা বেয়া হ’লে দুৰ্ঘটনা কমে বুলি শুকুৰবাৰে তেজপুৰৰ সাংসদ পল্লৱলোচন দাসে কৰা মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে ইয়াকে লৈ শনিবাৰে গুৰুত্বসহকাৰে বাতৰি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমে। ‘ইণ্ডিয়া টুডে’ এ এই বাতৰিটো প্ৰকাশ কৰিছে। বাতৰিটোৰ আৰম্ভণিতে কয়, ‘কথাবিলাক সকলোৱে একে ধৰণৰে নাচাই আৰু অনুভৱ নকৰে। যিকিনহওঁক, কেতিয়াবা ৰাজনীতিকৰ ব্যক্তিগত মতামত যে তেওঁলোকৰেই ৰাজহুৱা দায়িত্বৰ সৈতে নিমিলে, সেই কথা পাহৰি যায়।
ৰাইজক মাথো বাধা দিবলৈ কিছুমান ৰাজনীতিকে বিভ্ৰান্তিকৰ মন্তব্য কৰে। অসমৰ সাংসদ পল্লৱলোচন দাসৰ ক্ষেত্ৰটো একে হৈছে।’ উল্লেখযোগ্য যে শুকুৰবাৰে তেজপুৰত ৰাজ্যৰ বেয়া ৰাস্তা-ঘাট সমূহক লৈ সোধা এটা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ দাসে কয় যে ৰাস্তা বেয়া হ’লে যুৱ-প্ৰজন্মই লাহে লাহে যান-বাহন চলায়। যিয়ে দুৰ্ঘটনা ৰোধ কৰে।













