ASSAM TIMES POST
গুৱাহাটীঃ অহা ১৮ নৱেম্বৰৰপৰা ১৩ ডিচেম্বৰলৈ অনুষ্ঠিতব্য সংসদৰ শীতকালীন অধিৱেশনত বায়ু (প্ৰদূষণ ৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৮১ সংশোধনৰ প্ৰস্তাৱৰে এখন প্ৰাইভেট মেম্বাৰ্ছ বিধেয়ক উত্থাপন কৰিব কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে।

এই কথা সদৰী কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত গগৈয়ে শেহতীয়াকৈ কয় যে ২০১৯ চনত থাকি ১৯৮১ চনতে প্ৰৱৰ্তন হোৱা এখন আইনৰে কেনেকৈ কাম চলিছে, সেয়া আচৰিত কথা। তেতিয়াই প্ৰৱৰ্তন কৰা এই আইনখন বৰ্তমান যথোপযুক্ত হ’ব নোৱাৰে। ইয়াৰ পৰিপ্ৰেক্ষিততে তেওঁ আগন্তুক অধিৱেশনত এই আইনখন সংশোধনৰ বাবে চৰকাৰক দাবী জনাব। এই আইনখন সংশোধন কৰি কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক অধিক ক্ষমতা প্ৰদানৰ পোষকতা কৰিছে গগৈয়ে।













