বিগত ২০১২ চনত অসম চৰকাৰৰ সৈতে শান্তি চুক্তি কৰা বিদ্ৰোহী সংগঠন “আলনা” য়ে আজি বোকাজান আৰক্ষী থানাত অস্ত্ৰ সম্বৰণ কৰে।
তেওঁলোকে জমা কৰা অস্ত্ৰৰ ভিতৰত ৬ টা পিষ্টল, ২২ এমএমৰ ৪ টা ৰাইফল, ৪ টা বন্দুক আৰু বহু পৰিমাণৰ সক্ৰিয় গুলি আছিল। আনহাতে, অসমৰ বিভিন্ন ঠাইত থকা “আলনা” ৰ সদস্যক মজুত ৰখা অস্ত্ৰ সমূহকো জমা দিবলৈ অনুৰোধ জনাই আলনা সদস্যই।