ASSAM TIMES POST
বিভাস দুৱৰা,ডিব্ৰুগড়ঃ ডিব্ৰুগড়ৰ মধুপুৰত দুটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু হয়।
পথাৰত ধান খাবলৈ আহি মৃত্যু বনৰীয়া হাতী দুটাৰ।
ধাননি পথাৰত অবৈধ ভাবে সংস্হাপন কৰা বৈদ্যুতিক তাঁৰত লাগি মৃত্যু দুটা প্ৰকাণ্ড হাতীৰ।
দীৰ্ঘদিনৰ পৰা খেতি-পথাৰত সোমাই খেতিয়কৰ ধান অনিষ্ট কৰি আহিছিল এটা বৃহৎ হাতীৰ জাকে।
মেডেলা সংৰক্ষিত বনাঞ্চলৰ পৰা উলাই অহা প্ৰায় এশ জনীয়া হাতীৰ জাকে দীৰ্ঘদিন উপদ্ৰপ চলাইছিল বান বিধস্ত লেজাই-কলাখোৱা, মধুপুৰ আদিৰ বৃহত্তৰ অঞ্চলটোত।প্ৰতিদিনে বিনিদ্ৰ ৰজনী কটাব লগা হৈছিল খেতিয়কে। যদিও বনবিভাগে উপযুক্ত কায্যপন্হা লোৱাত ব্যৰ্থ হৈছিল।যাৰ বাবে খেতিয়কে পথাৰত সংস্হাপন কৰা বৈদ্যুতিক তাৰত লাগি মৃত্যু হয় দুটাকৈ হাতীৰ।

কিছু দিন পূৰ্বে মধুপুৰত আন দুটা হাতীৰ মৃত্যু হৈছিল বৈদ্যুতিক তাৰত লাগি।পূৰ্বেও মধুপুৰ আৰু কলাখোৱাত কেইবাটাও হাতীৰ মৃত্যু হৈছিল একে কাৰনতে।ডিব্ৰুগড়ৰ বান-বিধস্ত মধুপুৰ-লেজাই-কলাখোৱাত ধাননি পথাৰত বনৰীয়া হাতীৰ উপদ্ৰপত অতিষ্ঠ হৈ পৰিছিল অঞ্চলবাসী।ডিব্ৰুগড়ৰ মেডেলা সংৰক্ষিত বনাঞ্চলৰ পৰা উলাই অহা প্ৰায় এশ বনৰীয়া হাতীৰ জাকে দৈনিক ঠন ধৰি উঠা ধৰা কাতি মাহৰ খেতি-পথাৰত অনিষ্ট সাধন কৰি আহিছে।
গাৱঁৰ লোকসকলে দৈনিক হাতীৰ জাকৰ পৰা নিজৰ খেতি দৰা ৰক্ষা কৰাৰ প্ৰচেষ্টা কৰিছে যদিও সুফল পোৱা নাই।ইপিনে বনবিভাগৰ লোকেও হাতীৰ জাকটোক ওভতাই পঠোৱাৰ চেষ্টা কৰে যদিও ঢাল-তৰোৱাল নথকা বন বিভাগেও ব্যৰ্থ হৈ আহিছে।যাৰ ফলত বিনিদ্ৰ-ৰজনী কটাব লগা হৈছে বৃহত্তৰ পশ্চিম ৰাজহচক্ৰৰ অঞ্চল বাসীয়ে।

অঞ্চলটোত হাতীৰ পৰা খেতি দৰা ৰক্ষা কৰাৰ বাবেই জনসাধাৰণে বৈদ্যুতিক তাৰ সংযোগ কৰাত কেইবাটাও হাতীৰ বিদ্যুতপৃষ্ঠ হৈ মৃত্যু হৈছিল।আজিও নিশাৰ ভাগত হাতীৰ জাকটো বনাঞ্চলৰ পৰা পথাৰলৈ নামি অহাৰ সময়তে অতি কৰুণ ভাবে দুটা হাতীয়ে বিদ্যুৎ সংযোগ হৈ মৃত্যু হব লগা হয়।













