ASSAM TIMES POST
নগাঁওঃ চছিয়েল মিডিয়া ‘ফেচবুক’ত সাম্প্ৰদায়িক মন্তব্য দি আজি নগাঁৱৰ এজন যুৱক গ্ৰেপ্তাৰ হবলগীয়া হয়। ধৃত যুৱকজন হ’ল জিলাখনৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চিমলাই গাঁৱৰ আব্দুল আজিম লস্কৰ।
তেওঁ কিছুদিন পূৰ্বে চছিয়েল মিডিয়া ফেচবুক একাউণ্ট যোগে হিন্দু ধৰ্মৰ বিৰুদ্ধে আপত্তিজনক আৰু সাম্প্ৰদায়িক মন্তব্য কৰিছিল। এই খবৰ নগাঁও আৰক্ষীয়ে চাইবাৰ ডোম যোগে লাভ কৰি নগাঁও সদৰ থানাত ৩২০৩/১৯ নম্বৰত যুৱকজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি আজি আৰক্ষীয়ে তেওঁক নিজা বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰে।
পিছত নগাঁও সদৰ আৰক্ষী থানাত এক সংবাদ মেলযোগে জিলাখনৰ উপ আৰক্ষী অধীক্ষক জন দাসে এই কথা জানিবলৈ দি কয় যে ধৃত আব্দুল আজিম লস্কৰক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁ ব্যৱহাৰ কৰা মবাইলটো জব্দ কৰি জেৰা অব্যাহত ৰাখিছে।













