গাড়ীত উঠি প্ৰেয়সীৰ সৈতে ফুৰিবলৈ গৈছিল বিজেপি এজন নেতা। পত্নীয়ে পালে খবৰ। লগে লগে ৰাস্তাৰ মাজত গাড়ী ৰখাই নমাই এনে পতিক। তাৰ পিছত জোতাৰে কৰে মাৰপিট। শাহুৱেকৰ লগতে আন একাংশ সংগীয়েও বিজেপি নেতাগৰাকীক জোতাৰে প্ৰহাৰ কৰে। আনহাতে, পত্নীয়ে নিজে এই ঘটনাৰ এটা ভিডিঅ’ বনাই ইণ্টাৰনেটত বিয়পাই দিয়ে। উত্তৰ প্ৰদেশৰ বুণ্ডেলখণ্ডত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি পত্নী আৰু শাহুৱেকে জোতা-চেণ্ডেলেৰে প্ৰহাৰ কৰা এই বিজেপি নেতাজনৰ নাম মোহিত সোণকাৰ। তেওঁ বুণ্ডেলখণ্ডৰ বিজেপিৰ সভাপতি। বৰ্তমান ভিডিঅʼটো নেট মাধ্যমত ভাইৰেল। স্বামীয়ে আন এটা সম্পৰ্কত জড়িত বুলি সন্দেহ কৰি পত্নীয়ে মাৰপিট কৰে। আনকি বিজেপি নেতাগৰাকীয়ে নিজৰ প্ৰেমিকাকো পত্নী আৰু শাহুৱেকৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। তেওঁকো মাৰপিট কৰা হয়।
এই খবৰ লাভ কৰাৰ পিছতেই প্ৰায় লগে লগে জুহী থানাৰ আৰক্ষী উক্ত স্থানত উপস্থিত হয়। দুয়ো পক্ষকে থানালৈ লৈ যায়। ইয়াৰ পিছত পোৱা খবৰ মতে পত্নী মণি সোণকাৰে বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে লিখিত এজাহাৰ দাখিল কৰিছে।
ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। আনহাতে, বিজেপি নেতাৰ পত্নীৰ হাতত এই প্ৰহাৰৰ ঘটনাক লৈ বিৰোধীয়ে ঠাট্টা-মস্কৰা কৰিবলৈ আৰম্ভ কৰিছে।