কেৰালাৰ ৱায়ানডৰ থামাৰাছেৰী সমীপত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। খেদি অহা বাটৰ কুকুৰৰ পৰা ৰক্ষা পৰিবলৈ দৌৰি পলায়ন কৰাত ল’ৰীৰ খুন্দাত মৃত্যুক আঁকোৱালি লয় চুংগামৰ সমীপৰ অৰ্কিড হিলছ হাউছিং কলনীৰ ফাথিমুথ সাজিধা নামে এগৰাকী মহিলাৰ।
জানিব পৰা মতে, মহিলাগৰাকীয়ে শুকুৰবাৰে পুৱা দুই সন্তান ক্ৰমে সামান আৰু মহম্মদ আৰফিক স্কুল বাছত উঠাই দিবলৈ চুঙাম ৰেঞ্জ বন কাৰ্যালয়ৰ সমীপৰ পথেৰে বাছ ষ্টপেজলৈ গৈ আছিল। তেনে সময়তে দুটা বাটৰ কুকুৰে তেওঁলোকক খেদি আহে আৰু ভয়তে দুই সন্তান আৰু মহিলাগৰাকীয়ে দৌৰাত মহিলাগৰাকী পথৰ ওপৰত উজুতি খাই পৰি যায়। সেই সময়তে, এখন দ্ৰুতবেগী ল’ৰী মহিলাগৰাকীৰ গা ওপৰেৰে উঠি যোৱাত ঘটনাস্থলীতে মৃত্যু ঘটে তেওঁৰ।
আনহাতে কুকুৰৰ ভয়ত দৌৰিবলৈ লওতে মহিলাগৰাকীৰ দুই সন্তানো পথৰ ওপৰত বাগৰি পৰিছিল যদিও সৌভাগ্যক্ৰমে সেই সময়ত স্কুল বাছখন আহি তেওঁলোকৰ কাষতে ৰোৱাত কথমপি স্কুল বাছত উঠি দুয়োজনে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।