ASSAM TIMES POST
নগাঁওঃ নগাঁৱৰ মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ প্ৰতিবাদস্থলীত আজি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। আজি পুৱা ভাগত নগাঁৱৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি নগাঁও চহৰৰ দাতি কাষৰীয়া তেলিয়াগাঁও চাৰিআলিত নগাঁও-লাওখোৱা পথ অৱৰোধ কৰে ।
প্ৰতিবাদ তীব্ৰতৰ হোৱাত আৰক্ষী মোতায়েন কৰা হয় আৰু প্ৰতিবাদকাৰীৰ লগত আৰক্ষীৰ হতাহতিৰ সৃষ্টি হয়। আনহাতে প্ৰতিবাদ স্থলীত সংঘটিত এক দুৰ্ঘটনাত এগৰাকী মহিলা আৰক্ষী আহত হয় ৷ প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ যোৱা মহিলা আৰক্ষী গৰাকীক এখন তীব্ৰবেগী বাহনে ভৰিত খুন্দিয়াই গুৰুতৰভাৱে আহত কৰে ৷
পাচত মহিলা আৰক্ষী গৰাকীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। উল্লেখ্য, কৰ্মৰত মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলক বঞ্চিত কৰি স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ যোগানৰ দায়িত্ব চৰকাৰে স্বেচ্ছাসেৱী সংগঠনক অৰ্পণ কৰাত ক্ষুব্ধ হৈ পৰে ৰান্ধনীসকল।













