ASSAM TIMES POST
গুৱাহাটীঃ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত মধ্যাহ্ন ভোজনৰ দায়িত্ব স্বেচ্ছাসেৱী সংগঠনক প্ৰদান কৰাৰ বিৰোধিতাৰে ৰান্ধনী সন্থাৰ প্ৰতিবাদক ভিত্তিহীন আখ্যা দিছে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। এই সম্পৰ্কত শুকুৰবাৰে তেওঁ গুৱাহাটীত কয় যে উৰা বাতৰিক সঁচা বুলি ধৰি ৰান্ধনি সন্থাই প্ৰতিবাদ কৰি আছে। শুকুৰবাৰেও ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে প্ৰতিবাদ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত তেওঁ কয় যে তেওঁলোক একাংশ সংগঠনৰ প্ৰৰোচনাৰ বলি হৈছে। একাংশ সংগঠনে তেওঁলোকক ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে পূৰ্বে ৰান্ধনীসকলে খাদ্য প্ৰস্তুত, বিলোৱা আদি সকলো কৰিব লাগিছিল। কিন্তু এতিয়াৰেপৰা বিলালেই হ’ল।













