ৰাজস্থানৰ ভিলৱাৰা-আজমেৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিজয়নগৰৰ সমীপত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। এই পথত ভিলৱাৰাৰ কাশীপুৰীৰ একেটা পৰিয়ালৰ তিনি সদস্য ক্ৰমে অংকিত আগৰৱাল, তেওঁৰ পুত্ৰ ৰাখী আগৰৱাল আৰু পুত্ৰ প্ৰথম আগৰৱালৰ মৃত্যু হয়। তেওঁলোক হিমাচললৈ ফুৰিবলৈ গৈ উভতি আহি ৰে’লযোগে আজমেৰত উপস্থিত হয়।
তাৰ পিছতে আগৰৱাল পৰিয়ালটোক আনিবলৈ আজমেৰ ষ্টেছনলৈ যায় চালক কায়্যুম। আজমেৰৰ পৰা তেওঁলোক ভিলৱাৰা অভিমুখে আহি থকাৰ সময়তে বিজয়নগৰৰ সমীপৰ চৰভূজা হেটোলৰ সমীপত ৰখাই থোৱা এখন ট্ৰাকত পিছফালৰ পৰা খুন্দা মাৰে তেওঁলোকৰ বাহনখনে।
এই ভয়ংকৰ দুৰ্ঘটনাত অংকিত, তেওঁৰ পত্নী ৰাখী আৰু চালক কায়্যুমৰ ঘটনাস্থলীতে মৃত্যু ঘটে।
আনহাতে গুৰুতৰভাৱে আহত ১২ বছৰীয়া প্ৰথমমক স্থানীয় লোকে উদ্ধাৰ কৰি সংকটজনক অৱস্থাত হাস্পতাললৈ লৈ যায় যদিও চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয়।